গুৱাহাটী, ৩০ মে’, ২০২৫ : গুৱাহাটীৰ কৃত্ৰিম (Artificial Flood) বান সমাধানত ব্যৰ্থ ৰাজ্য চৰকাৰ, কমিছনৰ অংক বাদ দি বাস্তৱসন্মত পদক্ষেপ গ্ৰহণৰ দাবী অসম জাতীয় পৰিষদৰ। উন্নয়নৰ নামত বিজ্ঞানসন্মত পৰিকল্পনাৰে আগবঢ়াৰ সলনি কেৱল কমিছনৰ অংকত চৰকাৰ ব্যস্ত বুলি চৰকাৰক তীব্ৰ সমালোচনা আঞ্চলিক ৰাজনৈতিক দলটোৰ।

ৰাজধানী চহৰ গুৱাহাটীত শুকুৰবাৰে ভয়াবহ ৰূপ ধাৰণ কৰে কৃত্ৰিম বানে। মহানগৰীৰ সকলো প্ৰান্ততে কৃত্ৰিম বানত বিপৰ্যস্ত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ৷ স্তব্ধ হৈ পৰিছে জনজীৱন। কৃত্ৰিম বান পৰিস্থিতি নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে।

এক প্ৰেছ বাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘গুৱাহাটী উন্নয়নৰ নামত কেৱল মাথোঁ প্ৰচাৰ আৰু চমক সৃষ্টিৰ বাহিৰে বাস্তৱিকতে যে একোৱেই হোৱা নাই, শেহতীয়াকৈ হৈ থকা কৃত্ৰিম বান পৰিস্থিতিয়েই তাৰ জ্বলন্ত প্ৰমাণ৷ চৰকাৰৰ ব্যৰ্থতাৰ প্ৰকট উদাহৰণ ইয়াতকৈ আৰু কি লাগে? মেঘালয়ক দোষাৰোপ কৰি এই জটিল সময়ত চৰকাৰে গা এৰা দিব খুজিলে নহ’ব। সংকটৰ সময়ত চৰকাৰে পতিয়নযোগ্য উত্তৰ দিয়ক৷ ব্যৰ্থতা স্বীকাৰ কৰক৷ ইমান বছৰে কিয় সমাধান কৰিব পৰা নাই এই সমস্যা?’

বিগত সময়ত গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰিবলৈ কোনো বাস্তৱিক পদক্ষেপ চৰকাৰসমূহে গ্ৰহণ নকৰিলে বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই কয়, ‘কৃত্ৰিম বান সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰৰ আন্তৰিকতাৰ অভাৱ। উন্নয়নৰ নামত বিজ্ঞানসন্মত পৰিকল্পনাৰে আগবঢ়াৰ সলনি কেৱল কমিছনৰ অংকত ব্যস্ত। আৰু এতিয়া বিপদৰ সময়ত মূৰপোলোকা মাৰি গুৱাহাটীবাসীক অপ্ৰাসংগিক কেতবোৰ কথাৰে বিভ্ৰান্ত কৰিবলৈ উঠিপৰি লাগিছে চৰকাৰখন৷ কেৱল চমক সৃষ্টি আৰু উপলুঙাসূচক কথা-বতৰাৰে চৰকাৰ আৰু বিভাগীয় মন্ত্ৰীয়ে পণবন্দী কৰি ৰাখিছে মহানগৰবাসীক।’

দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই চৰকাৰৰ কমিছনৰ অংকত ধূসৰ হৈ পৰিছে গুৱাহাটীবাসীৰ হুমুনিয়াহ। কৃত্ৰিম বান পৰিস্থিতিত মহানগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছোঁ। এইবুলি মন্তব্য প্ৰকাশ কৰি চৰকাৰখনত তীব্ৰ সমালোচনা কৰে। পূৰ্বতে গুৱাহাটীক বানমুক্ত কৰিবলৈ চৰকাৰে দিয়া প্ৰতিশ্ৰুতি এতিয়া ক’ত বুলি প্ৰশ্ন উত্থাপন কৰি অসম জাতীয় পৰিষদৰ নেতাদ্বয়ে লগতে চৰকাৰে মহানগৰবাসীক কেৱল ভোটৰ স্বাৰ্থতহে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ কৰে।