নিউজ ডেস্ক, সংবাদ ৩৬৫, ৯ নৱেম্বৰ : শনিবাৰে ৪০ দিনীয়া শুনানি গ্ৰহণৰ অন্তত উচ্চতম ন্যায়ালয়ে অযোধ্যা বিবাদমান গোচৰৰ ৰায় প্ৰদান কৰে । মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন ৫জনীয়া বিচাৰপীঠে প্ৰদান কৰে এই ৰায়।

অযোধ্যাৰ বিবাদমান ভূমিত নিৰ্মাণ হ’ব ৰাম মন্দিৰ। ৰাম মন্দিৰৰ পক্ষে ৰায় ন্যায়ালয়ৰ। বিবাদমান ভূমিৰ কোনো ভাগ-বাটোৱাৰা নহ’ব।

এছ আইৰ তথ্যৰ ভিত্তিত মুছলমানক অন্য ভূমি দিয়াৰ আদেশ ন্যায়ালয়ৰ। ছুন্নী ৱাকফ ব’ৰ্ডক দিয়া হ’ব ৫ একৰ ভূমি।

উল্লেখযোগ্য যে অযোধ্যা গোচৰত ১৯৪৬ চনত ফৈজাবাদ আদালতে প্ৰদান কৰা ৰায়ক প্ৰত্যাহ্বান জনাই দাখিল কৰিছিল এই আবেদন।

উক্ত গোচৰত ন্যায়ালয়ত বিভিন্ন পক্ষৰ হৈ ওকালতি কৰিছিল কেইবাগৰাকীও অধিবক্তাই ।

ইফালে এই ৰায়দানৰ পাছতেই অযোধ্যাত ইতিমধ্যে ভাৰতীয় দণ্ড বিধিৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে। শান্তি সম্প্ৰীতি ৰক্ষা কৰিবলৈ আহ্বান প্ৰশাসনৰ।

উল্লেখ্য যে এই বিবাদৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল হৈছিল মুঠ ১৪ খন আবেদন।