গুৱাহাটী, সংবাদ ৩৬৫, ২ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিলৰ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ সংবাদমেল । দিল্লীত অমিত শ্বাহৰ সৈতে ৰাজনৈতিক, অৰাজনৈতিক সংগঠনৰ আলোচনাৰ সন্দৰ্ভত কয় যে দিল্লীত চলা আলোচনা একো একোটা ভেকো ভাওনা ৰূপে প্ৰতিষ্ঠিত হৈছে।

কেব আহিলে কেইটামান ঠাইত বিশেষ ভাবে প্ৰভাৱ পৰিব। বিটিএডিত যিহেতু মাটি কিনিব নোৱাৰিব গতিকে ব্ৰহ্মপুত্ৰ উপত্যকাত ইয়াৰ প্ৰভাৱ পৰিব। মণিপুৰৰ ইম্ফল ভেলীৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব ।

অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত ভয়ানক প্ৰভাৱ পৰিব।

জম্মু-কাশ্মীৰত যেনেদৰে ৩৭০ অনুচ্ছেদ বাতিল কৰিলে তেনেদৰে অসমতো শক্তি প্ৰয়োগ কৰি হলেও বিধেয়কখন আনিবৰ বাবে দিল্লীত বিপিএফে অমিত শ্বাহৰ আগত এই মন্তব্য কৰিছে । বি পিএফে সম্পূৰ্ণ ৰূপে অসমীয়া জাতিৰ বাবে শত্ৰু ভূমিকা গ্ৰহণ কৰিছে । এতিয়া আৰু বিপিএফ জাতিৰ বন্ধু হৈ থকা নাই। ক্ষমতাৰ বাবে পাগল হৈ দিল্লীৰ ওচৰত আত্মসমৰ্পন কৰিলে বিপিএফে। সংবাদমেলত এনেদৰে কয় অখিল গগৈয়ে।

অসম গণ পৰিষদেও সম্পূৰ্ণৰূপে দিল্লীৰ ওচৰত আত্মসমৰ্পন কৰিলে । অসম সাহিত্য সভাইও পৰোক্ষভাৱে অসমীয়া ভাষা আৰু সংস্কৃতিক সুৰক্ষিত কৰিলেই হ’ব বুলি মন্তব্যৰে দোধোৰ মোধোৰ অৱস্থাৰে বিশ্বাঘাটকতা কৰিলে ।

দিল্লীত যি আলোচনা হৈছে সেইয়া সামান্যতমো ফলপ্ৰসু হোৱা নাই। এইয়া ভেকো ভাওনা । কেন্দ্ৰৰ বিৰুদ্ধে যাতে জনগণে সবল ভূমিকা গ্ৰহণ কৰিব যাতে নোৱাৰে সেইবাবেই এই বিলখন অনা হৈছে ।

সাংবিধানিক সুৰক্ষা কৱচ দিম বুলি কোৱাৰ বাবেই এইবাৰ সবল হোৱা নাই আন্দোলন। কেবৰ বিৰুদ্ধে আন্দোলন দুৰ্বল কৰা হৈছে । কেব আহিলে সাংবিধানিক সুৰক্ষা কবচে অসমীয়া জাতিক বচাব নোৱাৰে । অসম চুক্তিৰ ৬ নং দফাইও নোৱাৰে । সাংবিধানিক সুৰক্ষা কৱচ দিয়াৰ পাছত কেব আনিলে কিবা লাভ আছে নে ? কেব গ্ৰহণ কৰা মানে ধৰ্মৰ নামত নাগৰিকত্ব দিয়া ।

দল সংগঠনক সকীয়াই লগতে আহ্বান জনায় গগৈয়ে কয় যে সম্পূৰ্ণৰূপে ঐক্যবদ্ধ হৈ কেব বাতিল কৰিব লাগে। এইয়া ইগ আৰু ব্যক্তিগত অহংকাৰৰ সময় নহয় ।

কেবৰ বিৰোধিতাৰে ইতিমধ্যে আজি জোৰ সমদল ধেমাজিত গ্ৰহণ কৰা হৈছে।

সংসদত যিহেতু ৫ ৰ পৰা ৭তাৰিখৰ ভিতৰত কেব উত্থাপন কৰিব । সেয়ে ৫ ডিচেম্বৰত দিছ্পুৰ লাষ্ট গেটত গণ ধৰ্ণাৰ আয়োজন কৰি গণ ধৰ্ণাক মহা ধৰ্ণাত পৰিণত কৰিবৰ বাবে । বুদ্ধিজীৱীৰ পৰা আদি কৰি সকলোকে আহ্বান জনায় ।

ইফালে কালিলৈ আবেলি ৪.৩০ বজাত গুৱাহাটী ক্লাৱৰ ৰটাৰীৰ পৰা এক জোৰ সমদল চানমাৰীৰ অসম অভিযান্ত্ৰিক খেলপথাৰলৈকে উলিওৱা হ’ব ।