গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ : বিজেপিৰ লগত মিত্ৰতা কৰিবলৈ বাধ্য। নহলে নিৰ্বাচনত জিকিব নোৱাৰিব। ৰাজনৈতিক দল মৰি যাব। বিজেপিত যোগ দিয়াৰ আগে আগে অগপৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তই কৃষক মুক্তি সংগ্ৰাম সমিতিক লগ ধৰিছিল আৰু এনেদৰে কৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা বিদায় লৈছিল।

উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনত অগপক সমৰ্থন কৰিম বুলি আনুষ্ঠানিকভাৱে অগপৰ সভাপতিক জনাইছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। বিজেপি অসম বিৰোধী ,সম্প্ৰদায়িকতাবাদ,বিজেপিৰ লগত নাযাবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অনুৰোধ জনাইছিল আৰু অগপইও ইয়াত সন্মতি প্ৰকাশ কৰিছিল।

ইয়াৰ পাছতে বিজেপিৰ লগত অগপ মিত্ৰজোঁটত বান্ধ খোৱাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই মিত্ৰতাক তীব্ৰ ভাষাৰে নিন্দা আৰু গৰিহণা দিয়ে।

অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতা বিশ্বাসঘাটকতাৰ বাহিৰে একো। এই বিশ্বাসঘাটকতা অসমীয়া জাতি,দলৰ সদস্য,জাতীয়তাবাদী, আঞ্চলিকতাবাদীৰ প্ৰতি কৰা বিশ্বাসঘাটকতা। সময়ত ইয়াৰ উচিত শিক্ষা পাব। বুধবাৰে আয়োজন কৰা সংবাদমেলত কৃষক নেতা অখিল গগৈয়ে এনেদৰে মন্তব্য কৰে।

এই মিত্ৰজোঁটৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান গ্ৰহণ কৰিব বুলিও জানিব দিয়ে সংবাদমেলৰ জৰিয়তে। অখিল গগৈয়ে কয় যে বিজতৰিয়া ,মহাত্মা গান্ধীক হত্যা কৰা দলৰ লগত লগ লগা অগপ এতিয়া জাতীয়তাবাদী , অঞ্চলিকতাবাদী হৈ থকা নাই। অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবৰ বাবে আগবাঢ়ি গ’ল। সুবিধাবাদী এই অগপ দলক ঘৃণাৰে উপচাই পেলাবৰ বাবে অসমবাসীক আহ্বান জনায় কৃষক নেতা গৰাকীয়ে।

আনহাতে, ২০১৯ চনৰ নিৰ্বাচনত অগপ দলক সম্পূৰ্ণৰূপে পৰাভূত কৰিবৰ বাবে আহ্বান জনায় গগৈয়ে । আৰু কয় যে অগপৰ সদস্য , আঞ্চলিকতাবাদীত বিশ্বাসী লোকসকলেও ইয়াৰ প্ৰবল বিৰোধীতা কৰক। যদি নোৱাৰে দলৰ পৰা আঁতৰি আহিব লাগে। অন্যথা বিজেপি দলত আত্মসমৰ্পণ কৰিলে অসম গণ পৰিষদে। জাতিৰ শত্ৰু হল অসম গণ পৰিষদ।