সংবাদ ৩৬৫ ডেস্ক, ২৮ জুনঃ কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতি কৰণ আৰু পৃথক কমতাপুৰ পুনৰ গঠনৰ দাবীত  আক্ৰাছুৰ ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান। নামনি অসমকে ধৰি বিভিন্ন ঠাইত বন্ধৰ প্ৰভাৱ পৰাৰ লগতে হিংসাত্মক ঘটনাও সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। বন্ধ সমৰ্থকসকলে বিভিন্ন ঠাইত ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বাক্সা জিলাৰ গোৰেশ্বৰত বন্ধ সমৰ্থকসকলে ট্ৰাইবেল সংঘ হুচিয়াৰ, সৰ্বানন্দ সোনোৱাল মূর্দাবাদ, নৰেন্দ্ৰ মোডী হুচিয়াৰ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। ইফালে গোসাঁইগাঁৱত বন্ধৰ ফলত সকলো ব্যৱসায়ীক প্ৰতিষ্ঠানকে ধৰি যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। গোসাঁইগাঁৱ মহকুমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভদেয়াগুৰিত একাংশ বন্ধ সমৰ্থকে এখন ট্ৰাকত অগ্নি সংযোগ কৰাৰ ফলত ট্ৰাকখন সম্পূৰ্নৰূপে ভস্মীভূত হয়। আক্ৰাছুৰ অসম বন্ধৰ ফলত শ্ৰীৰামপুৰৰ তালাচী চকীত মালবাহী ট্ৰাকৰ লগতে বহুতো যাত্ৰীবাহী বাহন আবদ্ধ হৈ পৰাও পৰিলক্ষিত হৈছে।