লখিমপুৰ, ১৪ নৱেম্বৰ, ২০২৩ : পুনৰ এজন বিজেপি নেতাৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ (Allegation Against BJP Leader)। দালালি কৰাৰ অভিযোগ উত্থাপন হৈছে এজন বিজেপি নেতাৰ বিৰুদ্ধে। দালালি কৰাৰ অভিযোগত ৰঙা ঘৰৰ আলহী হ’ল বিজেপি নেতাজন। বিভিন্ন চৰকাৰী আঁচনিৰ নামত টকা সংগ্ৰহ কৰাৰ অভিযোগ বিজেপি নেতাজনৰ বিৰুদ্ধে। কেইবাকোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ ৰঙা ঘৰৰৰ আলহী হোৱা বিজেপি নেতাজনৰ বিৰুদ্ধে।
লখিমপুৰ জিলাৰ এজন বিজেপি নেতাৰ বিৰুদ্ধে দালালি কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে দালালি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে লখিমপুৰৰ বিজেপি নেতাজন। বিভিন্ন চৰকাৰী আঁচনিৰ নামত কেইবা কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ জিলা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ কেৰামত আলীক। জলজীৱন মিছন আঁচনিৰ ঠিকা অবণ্টন দিয়াৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ ঠিকা আবন্টনৰ নামত কেইবা কোটি টকা সংগ্ৰহ কৰি প্ৰতাৰণা কৰাৰ অভিযোগত লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিজেপিৰ লখিমপুৰ জিলা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ কেৰামত আলীক।
দালালি কৰি ৰঙাঘৰৰ আলহী হোৱা বিজেপিৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ কেৰামত আলীক
সোমাবাৰে নিশা লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে ঘৰৰ পৰা আটক কৰে। লখিমপুৰ জিলাৰ বিহপুৰীয়া গোহাঁইদলনীৰ ৰচিদুল ইছলাম নামৰ এজন লোকে লখিমপুৰ সদৰ থানত লখিমপুৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ কেৰামত আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়কৰ নামলৈ সৰ্বমুঠ ২২ জন লোকৰ পৰা ২০২২ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা জলজীৱন মিছন (জে জে এম )ৰ কামৰ ঠিকা আবন্টন দিয়াৰ নামত ১ কোটিৰো অধিক টকা লোৱাৰ অভিযোগত এজাহাৰ দাখিল কৰে কেৰামত আলীৰ বিৰুদ্ধে।
এজাহাৰত ৰচিদুল ইছলামে বৃহৎ পৰিমাণৰ ধন বিভিন্ন লোকৰ পৰা সংগ্ৰহ কৰাৰ বিপৰীতে আজিলৈকে কেৰামত আলীয়ে কাকো কোনো ধৰণৰ ঠিকা আবন্টন নিদিয়া বুলি উল্লেখ কৰে। বিভিন্ন প্ৰলোভন, ঠগ প্ৰবঞ্চনাৰে কেৰামত আলীয়ে ধন আত্মসাত কৰে বুলি উল্লেখ কৰাৰ। ধন বিচাৰি কোনো লোক কেৰামত আলীৰে ঘৰলৈ গ’লে কেৰামত আলীয়ে দাবী ধমকি দি খেদি পঠিওৱাৰ লগতে নানান অশ্লীল গালি গালাজ কৰে বুলিও এজাহাৰত উল্লেখ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে যে কেৰামত আলী নামৰ লোকজনে মন্ত্ৰী-বিধায়কৰ নামত ধন সংগ্ৰহ কৰি আহিছে।
এই কাৰ্যত আৰু বহু লোক জড়িত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান চলি আছে বুলি আৰক্ষীয়ে উল্লেখ কৰে আৰু কেৰামত আলীয়ে কোটিৰ ওপৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ আহিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত উত্তৰ লখিমপুৰ সদৰ থানাত বিজেপি নেতা কেৰামত আলীৰ বিৰূদ্ধে ৪০০/২০২৩ নম্বৰৰ গোচৰ ৰুজু কৰি কেৰামত আলীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।