নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৯ ছেপ্টেম্বৰ : এমেজনৰ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল ছেলৰ আৰম্ভ আজিৰে পৰা আৰম্ভ হৈছে। গ্ৰাহকে ৪ অক্টোবৰলৈ গ্ৰহণ কৰিব পাৰিব এই সুবিধা। এই বিক্ৰীৰ জৰিয়তে স্মাৰ্ট ফোন, টিভি, ঘৰুৱা সামগ্ৰী, ফেশ্বন, গ্ৰোচাৰী, প্ৰসাধন আদি সামগ্ৰীত পাব আকৰ্ষণী ৰেহাই।

অপ’ ৰেন’২ : অপ’ ৰেন’২ ফোন কিনিব বিচাৰিলে গ্ৰাহকে পাব ৮ শতাংশ ৰেহাই। ইমানেই নহয়, এই মোবাইল ফোনত আপুনি লাভ কৰিব ন’ কষ্ট ই এম আইৰ উপৰি এডিশ্যনেল এক্সচেঞ্জ অফাৰো।

ৰেডমি ৭ : শ্বিয়’মীৰ এই স্মাৰ্টফোনটোত আছে আকৰ্ষণীয় ৰেহাই। গ্ৰাহকে ৫,৯৯৯ টকাত লাভ কৰিব এই ফোনটো। ইয়াৰ ভিতৰত আছে ১০০০ টকাৰ এমেজন পে’ কেছবেক।

ৰেডমি ৭এ : শ্বিয়’মীৰ এই বাজেট ফোনটো এমেজন ছেলত ৫,৪৯৯ টকাত লাভ কৰিব গ্ৰাহকে। এই দামত এমেজন পে’ বেলেঞ্চত ৫০০ টকাৰ কেছবেকো অন্তৰ্ভুক্ত হৈ আছে।

চেমচাং গেলেক্সি নোট ৯ : এমেজনৰ গ্ৰেট ইণ্ডিয়ান ছেলত এই স্মাৰ্টফোনটো ৪২,৯৯৯ টকাত উপলব্ধ হ’ব।

চেমচাং গেলেক্সি নোট ১০ : যদি আপুনি শেহতীয়া মডেলৰ এই ফোনটো কিনিব বিচাৰে তেন্তে এমেজন ছেলে আগবঢ়াইছে সুবিধা। এই ফোনটোত ৭ শতাংশ ৰেহাইৰ লগতে কেইবাটাও অফাৰ আছে। এই ফোনটোত পাব ন’ কষ্ট ই এম আইৰ এডিশ্যনেল এক্সচেঞ্জৰ অফাৰো।

চেমচাং গেলেক্সি এম৩০ : ১০ হাজাৰতকৈও কম মূল্যৰ এয়া এক আকৰ্ষণীয় স্মাৰ্টফোন। এমেজনৰ গ্ৰেট ইণ্ডিয়ান ছেলত এই ফোনটো উপলব্ধ হ’ব ৯,৯৯৯ টকাত।