নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ : পৃথিৱীৰ হাওঁফাওঁ আমাজন, য’ত উৎপন্ন হয় পৃথিৱীৰ প্ৰায় বিশ শতাংশ অক্সিজেন। আমাজন নদীৰ অৱবাহিকাৰ প্ৰায় ৫০ লাখ বৰ্গ কিলোমিটাৰ ঘন বৰ্ষাৰণ্য । য’ত আছিল বিশ্বৰ অধিক সংখ্যক বন ভূমি অঞ্চল, বাস কৰিছিল বিশ্বৰ প্ৰায় পাঁচ নিযুততকৈ অধিক উদ্ভিদ প্ৰাণী তথা পতংগৰ প্ৰজাতি। বিশ্বত থকা উদ্ভিদ প্ৰজাতিৰ ৭০ শতাংশই আছিল এই অঞ্চলৰ । পিছে এই সকলোবোৰ এতিয়া মাথো অতীত।

দুই সপ্তাহতকৈও অধিক সময় ধৰি সমগ্ৰ বিশ্বক অকলেই ২০% তকৈও অধিক অক্সিজেনৰ যোগান ধৰি আমাজন বৰ্ষাৰণ্য জুইৰ কৱলত পৰি পুৰি চাৰখাৰ হৈ গৈছিল মাত্ৰ এটা মাহৰ আগতে ।

এই জুইৰ আঁৰত বিজ্ঞানীসকলে অনুমান কৰিছিল যে হয়তো বনজুইৰ সূত্ৰপাত ঘটিছে নহয়তো থলুৱা জনগোষ্ঠীসমূহে খেতি কৰিবৰ বাবে মাটি চাফা কৰিবৰ বাবে লগোৱা জুইৰ পৰা নতুবা কোনো দুস্কৃতিকাৰীৰ ফলত । ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জায়াৰ বলছ’নাৰ তীব্ৰ সমালোচনাৰো সন্মুখীন হৈছিল এই বনজুইক লৈ ।

পিছে আমাজন জ্বলি শেষ হৈ গলেও পুনৰ আশাৰ বতৰা কঢ়িয়াই আনিছে । জ্বলি শেষ হৈ যোৱা লঠঙা গছবোৰৰ মাজত বাঢ়ি আহিছে এডাল, দুডালকৈ সেউজীয়া গছ পুলি । অৱশ্যে পুনৰ এখন পূৰ্বৰ আমাজন ঘূৰাই পোৱাটো ইমান সোনকালে সহজ নহয়। কেইবা হাজাৰ বছৰ লাগি যাব পাৰে । তথাপিও বাঢ়ি অহা এই সেউজীয়া গছ পুলিয়ে কঢ়িয়াই আনিছে আশাৰ বতৰা ।