নিউজ ডেস্ক, ৩১ জুলাই, ২০২৫ : উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্য আৰু প্ৰগতিৰ এক সংৰক্ষক ৰূপে, উত্তৰ-পূব সীমান্ত ৰে’লৱে ইয়াৰ বিশাল নেটৱৰ্কৰ সমগ্ৰতে সদায় পৰম্পৰাৰ সৈতে উদ্ভাৱনৰ সংমিশ্ৰণ অব্যাহত ৰাখিছে। এনেধৰণৰ এক উৎসাহী শক্তিৰ প্ৰতিফলনেৰে সমৃদ্ধ এক পদক্ষেপৰ এক অংশ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত কৰ্মৰত শিলিগুড়ী (Siliguri) ডিজেল লোকো শ্বেডে ভাৰতৰ অন্যতম অবিস্মৰণীয় স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসু আৰু তেওঁৰ ঐতিহাসিক আজাদ হিন্দ ফৌজক হৃদয়স্পৰ্শী শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে, যিয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
এই দিশত, এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে শিলিগুড়ীৰ ডিজেল লোকো শ্বেডে ডব্লিউডিপি-৪বি ডিজেল লোকোমোটিভ নং ৪০০২৩ পুনৰ ৰং আৰু নামাকৰণ কৰি “আজাদ হিন্দ ফৌজ”ক উৎসৰ্গিত এক নতুন আৰু উদ্দীপক ৰূপ দিছে। এই ৪,৫০০ হৰ্চপাৱাৰ এই আধুনিক আইজিবিটি প্ৰযুক্তি সম্পন্ন ইঞ্জিনটো এতিয়া তিৰঙ্গা হুইস্কাৰ আৰু জাতীয় পতাকাৰ অনুপ্ৰেৰিত সজ্জিত এক আকৰ্ষণীয় ডিজাইন আছে, যি এক আকৰ্ষণীয় ৰাষ্ট্ৰীয় গৰিমাৰ প্ৰতীক ৰূপে পৰিগণিত হৈছে। এই ৰূপান্তৰ কেৱল সন্মান প্ৰদানৰ প্ৰতীক নহয়, বৰঞ্চ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সাহস, উৎসৰ্গা আৰু আত্মত্যাগৰ এক জীৱন্ত স্মৃতি ৰূপে ৰেলপথত গৌৰৱৰ সৈতে আগবাঢ়ি থাকিব।
এই স্মৰণীয় পদক্ষেপৰ জৰিয়তে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰাষ্ট্ৰীয় গৌৰৱময় ঐতিহাসিক ঐতিহ্য উদযাপন কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে আৰু ভাৰতীয় ৰেলৱেৰ দৈনন্দিন জীৱনত এক জীৱন্ত অংশ হিচাপে সংযোজন কৰিছে। নতুন ৰূপত সজ্জিত লোকোমোটিভ ৪০০২৩, এতিয়া কেৱল এটা যান্ত্ৰিক শক্তিয়েই নহয়, বৰঞ্চ নেতাজী সুভাষ চন্দ্ৰ বসু আৰু আজাদ হিন্দ ফৌজৰ অটল সাহস আৰু আত্মত্যাগক উৎসৰ্গিত এক জীৱন্ত প্ৰতীক যি ইয়াৰ ৰুটৰ সকলো ঠাইৰ দৰ্শকৰ বাবে এক প্ৰেৰণাৰ উৎস।