নতুন দিল্লী, সংবাদ ৩৬৫, ১ নৱেম্বৰ : জাৰ্মানৰ সঞ্চালক এঞ্জেলা মাৰ্কেলে দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ভাৰতত উপস্থিত হয়। বৃহস্পতিবাৰে নিশা সঞ্চালক গৰাকীয়ে দিল্লী বিমানবন্দৰত আহি উপস্থিত হয়। আৰু তেওঁক প্ৰধানমন্ত্ৰীৰ লগতে কেইবাজনো নেতাই উষ্ম আদৰণি জনায়।

‘ইণ্ডিয়া জাৰ্মানী ইণ্টাৰ গৱৰমেণ্টেল কঞ্চনটেলঞ্চ’ৰ পঞ্চম সংসদীয় বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্য ভাৰতত উপস্থিত হয়। এই বৈঠকতে দুয়ো দেশৰ মাজত ২০টা বুজাবুজিৰ চুক্তিৰ স্বাক্ষৰ কৰা হ’ব। এই বৈঠকৰ এটাই উদ্দেশ্য যে দুয়ো দেশৰ মাজত কৃত্ৰিম ইন্টালিজেন্স, উন্নীতকৰণ, চহৰ উন্নীতকৰণ, গতিশীলতা, কৃষি আৰু ফুটবল সম্পৰ্কত আলোচনা কৰিব।

শুকুৰবাৰে সঞ্চালক গৰাকীক ৰাষ্ট্ৰপতি ভৱনত আদৰণি জনায়। প্ৰথমে তেওঁ ৰাজঘাটত গৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। পিছত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰি দ্বিপাক্ষীক সন্দৰ্ভত আলোচনাত মিলিত হ’ব।

উল্লেখযোগ্য যে এঞ্জেলা মাৰ্কেলৰ এয়া পঞ্চমটো ভাৰত ভ্ৰমণ। আই জি চিৰ বৈঠকৰ বাবে দুয়ো দেশৰ নেতাই প্ৰতি দুবছৰৰ অন্তত বৈঠক অনুষ্ঠিত হয়।