গুৱাহাটী, সংবাদ ৩৬৫, ৮ নৱেম্বৰ : শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনিল ৰাজাই শ্ৰীমন্তপুৰ ভঙাগৰ স্থিত নিজ বাস গৃহত এখন সংবাদ মেল অনুষ্ঠিত কৰে।

সংবাদমেলত প্ৰাক্তন সম্পাদকগৰাকীয়ে কংগ্ৰেছ নেতা ৰুকিবুল হুছেইনৰ বিৰুদ্ধে সৰব হৈ পৰে। অনিল ৰাজাই কয় যে ৰুকিবুল হুছেইন অসম কংগ্ৰেছৰ পঁচা আলু আৰু এই পঁচা আলুক দলৰ পৰা অতি শীঘ্ৰেই উলিয়াই দিব লাগে।

ৰকিবুল হুছেইনক আক্ৰমণ কৰি কয় যে প্ৰাক্তন মন্ত্ৰীগৰাকী ৰাষ্ট্ৰদোহী আৰু পাকিস্তানৰ সমৰ্থক। বৰ্তমান কংগ্ৰেছত ৰুকিবুল হুছেইনৰ ৰাজত্ব চলি আছে আৰু এনেকৈ থাকিলে কংগ্ৰেছৰ উন্নতি নহয়।

তেখেতে আৰু কয় ৰকিবুল হুছেইনৰ বিৰুদ্ধে মাত মতা কৰ্মীক নিলম্বিত কৰি দিয়া হয় আৰু পাছত বহিস্কাৰ কৰা হয়।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ সন্দৰ্ভতো অনিল ৰাজাই কয় যে ৰিপুন বৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ বাবে যোগ্য নহয়। সভাপতি সলনি কৰিব লাগে। এনে এজন প্ৰাৰ্থীক সভাপতিৰ আসন দিব লাগে যি গৰাকী বিগত ১৫ বছৰৰ শাসন কালত কোনো মন্ত্ৰী নাছিল।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ হাতত সকলো দায়িত্ব দিয়াৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে দায়িত্ব তৰুণ গগৈৰ বয়স বেছি হৈছে সেয়ে তেওঁ নোৱাৰিব ।

সংবাদমেলত ৰুকিবুলে হিমন্তৰ লগত লগ লাগি দলৰ বিৰোধী কাম কৰি আছে বুলি কয় আৰু ৰকিবুল হুছেইনৰ বেনামি সম্পত্তিৰ সন্দৰ্ভত তদন্ত চলি আছে আৰু অতি শীঘ্ৰেই ৰাজহুৱা হ’ব বুলি জানিবলৈ দিয়ে।