গুৱাহাটী, ২৬ নৱেম্বৰঃ গুৱাহাটীৰ সৰুসজাইস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত আইবা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাত অসম সন্তান অংকুশিত বড়োৰ লগতে চাৰিগৰাকী ভাৰতীয় বক্সাৰে সোণৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে, গুৱাহাটীৰ সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত ২০ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাত আৰম্ভণিৰে পৰা ভাৰতীয় যুৱ মহিলা বক্সাৰৰ দপদপনি দেখিবলৈ পোৱা যায়। প্ৰতিযোগিতাৰ প্ৰথম দিনাৰে পৰা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা যুৱ মহিলা বক্সাৰসকলে দুৰ্দান্ত প্ৰদৰ্শনেৰে বিশ্বৰ আগশাৰী দেশৰ বক্সাৰ সকলৰ বিৰুদ্ধে অৱৰ্তীণ হৈ বিজয় যাত্ৰা অব্যাহত ৰাখে। প্ৰতিযোগিতাখনত অসমৰ অংকুশিত বড়োৰ সৈতে পাঁচগৰাকীকৈ ভাৰতীয় মহিলা বক্সাৰে ফাইনেলত খেলাৰ যোগ্যতা অৰ্জন কৰি আজি সোণৰ পদকৰ বাবে অন্তিম যুঁজত অৱতীৰ্ণ হয়। ভাৰতৰ হৈ প্ৰথমখন খেলত নিতুয়ে ৪৫ কেজি শাখাত কাজাকিস্তানৰ উৰাকবায়ভা ঝাজিৰক পৰাস্ত কৰি দেশৰ বাবে প্ৰথমটো সোণৰ পদক অৰ্জন কৰে। নিতুৰ পিছতে জ্যোতিয়ে ৫১ কেজিৰ শাখাত ৰাছিয়াৰ মোলচানোৱাক পৰাস্ত কৰি দ্বিতীয়টো, সাক্ষীয়ে ৫৪ কেজিৰ শাখাত ইংলেণ্ডৰ বক্সাৰক পৰাস্ত কৰি তৃতীয়টো, শশী চোপ্ৰাই ৫৭ কেজিৰ শাখাত ভিয়েটনামৰ বক্সাৰক পৰাস্ত কৰি দেশৰ বাবে চতুৰ্থটো সোণৰ পদক অৰ্জন কৰি দেশবাসীক গৌৰম্বাৱিত কৰি তোলে। বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ আৰম্ভণি চাৰিখন খেলত ভাৰতীয় বক্সাৰৰ সফলতাৰ পাছত প্ৰায় চাৰি ঘণ্টা সময় অপেক্ষা কৰি থকা অসমবাসীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ দৰ্শকক অংকুশিতাই হতাশ নকৰিলে। অন্তিম তথা আটাইতকৈ আকৰ্ষণীয় মেচখনত অংকুশিতাই ভাৰতৰ হৈ পঞ্চমটো সোণৰ পদক জয়লাভ কৰে। অংকুশীতাই ৬৪ কেজি শাখাত ৰাছিয়াৰ বক্সাৰক পৰাজিত কৰাৰ লগে লগে ষ্টেডিয়ামত উপস্থিত দৰ্শকে উৎসৱমুখ পৰিবেশৰ সৃষ্টি কৰে। অংকুশিতাৰ খেলখন উপভোগ কৰিবলৈ ষ্টেডিয়ামত মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈও উপস্থিত থাকে। উল্লেখ্য যে, বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাত ভাৰতে পাঁচটা সোণৰ পদক লাভ কৰাৰ বিপৰীতে ৰাছিয়াই ২টা, কোৰিয়া, আমেৰিকা আৰু কাজাকিস্থানে এটাকৈ সোণৰ পদক লাভ কৰে।