গুৱাহাটী, সংবাদ৩৬৫,৬মাৰ্চ : অসামৰিক প্ৰতিৰক্ষা আৰু গৃহ ৰক্ষী বাহিনীৰ উদ্যোগত যোৱা ১৮ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানত অসামৰিক প্ৰতিৰক্ষাৰ এক বুনিয়াদী প্ৰশিক্ষণ আৰম্ভ হৈ আছে।
যিকোনো দুৰ্যোগৰ সময়ত যাতে জনসাধাৰণক সহায়-সহযোগিতা আগবঢ়াব পাৰি সেই উদ্দেশ্যে আগত ৰাখি আয়োজন কৰা এই কাৰ্যসূচীত উদ্ধাৰ কাৰ্যৰ লগতে অগ্নি নিৰ্বাপন তথা প্ৰাথমিক চিকিৎসা আদি বিষয়ক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
উক্ত প্ৰশিক্ষণ গুৱাহাটী,ডিব্ৰুগড়,নামৰূপ,দুলিয়াজান,যোৰহাট,শিৱসাগৰ, তিনিচুকীয়া, ডিগবৈ,তেজপুৰ,উত্তৰ লখিমপুৰ, বঙাইগাঁও, গোৱালপাৰা আৰু ধুবুৰী জিলাত চলি আছে।
অসামৰিক প্ৰতিৰক্ষা বিভাগৰ প্ৰশিক্ষকসকলৰ যোগেদি মুঠ ৮৪৮জন স্বেচ্ছাসেৱক আৰু স্বেচ্ছাসেৱীকাক এই প্ৰশিক্ষণ দি থকা হৈছে। অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান আৰ এম সিঙৰ বিশেষ উদ্যোগ আৰু তত্বাৱধানত এই প্ৰশিক্ষণ চলাই থকা হৈছে।