গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুন : মহানগৰীৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান বি বৰুৱা মহাবিদ্যালয়ত বুধবাৰে অসম আৰক্ষীৰ শীর্ষ বিষয়াৰ উপস্থিতিত সজাগতামূলক সভা । ড্ৰাগছৰ বিৰুদ্ধে মহানগৰীৰ শিক্ষানুষ্ঠানসমূহত সজাগতা বৃদ্ধিৰ প্ৰচেষ্টাৰে এইদৰে অসম আৰক্ষী আৰু অপৰাধ তদন্ত শাখাৰ বিভিন্ন অনুষ্ঠান । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ড্ৰাগছ আৰু সমাজৰ কু সংস্কাৰৰ বিৰুদ্ধে এখনি নাটকও মঞ্চস্থ কৰে।

সজাগতা অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰক্ষী আয়ুক্ত দীপক কুমাৰ, আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ লগতে অপৰাধ তদন্ত শাখাৰ সঞ্চালক প্ৰধান এল আৰ বিষ্ণয় ।

আৰক্ষী আয়ুক্ত দীপক কুমাৰে সংবাদ মাধ্যমৰ আগত কয় ” মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ যি বয়স এই বয়সত ড্ৰাগছৰ প্ৰতি অধিক আসক্ত হোৱা দেখা যায়। গতিকে আমি তেওঁলোকৰ মাজত সজাগতা আনিব লাগিব। ”

চিটী বাছত সংঘটিত হোৱা ঘটনাটোৰ সন্দৰ্ভত আৰক্ষী আয়ুক্তগৰাকীয়ে কয় ” ভিডিওটো আমি পাই তদন্ত আৰম্ভ কৰিছো । মানুহজন আৰু ছোৱালীজনীৰ আইডেন্টি ফাই কৰিছো । ইয়াৰ পাছতে কেচ ৰেজিষ্ট্ৰাৰ কৰিম । মানুহজন বৰ্তমান পলাতক অৱস্থাত আছে কিন্তু পুলিচৰ হাতৰ পৰা কোনো সাৰি যাব নোৱাৰে । এনেকুৱা ধৰণৰ ঘটনা হলে আমাক জনাওক। ভিডিও কৰি বা ফোন কৰি আমাক জনাওক। কাকো ভয় কৰাৰ দৰকাৰ নাই ।”

এই অনুষ্ঠানটোতে উপস্থিত থাকি আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই ছাত্ৰ ছাত্ৰীক ড্ৰাগছৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনায় আৰু কয় যে ড্ৰাগছৰ চাহিদা হ্ৰাস কৰিবলৈ তথা ড্ৰাগছৰ অবৈধ যোগান বন্ধ কৰিবলৈ অসম আৰক্ষীৰ ফালৰ পৰা এই সজাগতা অনুষ্ঠান আৰম্ভ কৰা হৈছে । লগতে তেওঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ড্ৰাগছৰ লগত জড়িত বহুতো লোকক গ্ৰেপ্তাৰ কৰা বুলিও জানিবলৈ দিয়ে।