গুৱাহাটী, সংবাদ৩৬৫, ৪ মাৰ্চ: বিগত বছৰৰ দৰে এইবছৰো এ পি পি এল ফাউণ্ডেশ্যনে আগবঢ়াবলৈ লৈছে পঞ্চম সংখ্যক শিৰীষ বঁটা ২০১৯।
উল্লেখযোগ্য যে ২০১৪ চনত চাহ জনগোষ্ঠীয় লোকসকলৰ বাবে এ পি পি এল ফাউণ্ডেশ্যনে তেওঁলোকৰ কলা,সাহিত্য-সংস্কৃতি আদি প্ৰদৰ্শন কৰিবৰ বাবে এখন মঞ্চ প্ৰস্তুত কৰে। যিহেতু চাহ জনগোষ্ঠীয় লোকসকলৰ তেওঁলোকৰ কৃষ্টি-সংস্কৃতি দাঙি ধৰিবলৈ সুকীয়া মঞ্চ নাছিল। সেয়ে এ পি পি এল ফাউণ্ডেশ্যনে চাহ জনগোষ্ঠীয় লোকসকলক এখন সুকীয়া মঞ্চ দিয়াৰ মানসেৰে ২০১৪ চনৰ পৰা শিৰীষ সাহিত্য আৰু সাংস্কৃতিক বঁটা আগবঢ়াই আহিছে।
যোৱা কেইবছৰৰ দৰে এইবাৰো শিৰীষ বঁটা প্ৰদান কৰিবলৈ লোৱা হৈছে। সেই উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাৱত সোমবাৰে এ পি পি এল ফাউণ্ডেশ্যনে এখন সংবাদমেলৰ আয়োজন কৰে । এই সংবাদ মেলত উপস্থিত থাকে বিশিষ্ট সংগীত পৰিচালক মানস ৰবীন, এ পি পি এল ফাউণ্ডেশ্যনৰ প্ৰতুল কুমাৰ বৰা,ধীৰাজ কাকতি আৰু অনুপম হাজৰিকা।
সংবাদমেলত মানস ৰবীনে কয় যে শিৰীষৰ মাধ্যমেৰে চাহ জনগোষ্ঠীয় লোকসকলক উত্তৰণ কৰিব বিচৰা হৈছে। অসমৰ ৮০০ খন চাহ বাগিচাত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক আছে আৰু তেওঁলোকৰ কিছুমান সাংস্কৃতিক সমল আছে। সেই সমলসমূহৰ মাজৰ পৰাই প্ৰাৰম্ভিক প্ৰতিযোগিতাৰ যোগেদি অসমৰ চাহ জনগোষ্ঠীৰ সাহিত্যিক আৰু সাংস্কৃতিক শিল্পীক বিজয়ী ঘোষণা কৰা হয়।
এই বৰ্ষৰ শিৰীষ বঁটাৰ বাবে নিৰ্বাচিত হোৱা বিশিষ্ট শিল্পীগৰাকী হ’ল শিৱচৰণ দাস আৰু বিশিষ্ট সাহিত্যিক গৰাকী বিপিন মাহাটো। উল্লেখযোগ্য যে বিপিন মাহাটো অসম চৰকাৰৰ সাহিত্য বঁটাৰে সন্মানিত। তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ হৈছে “চাহ জনগোষ্ঠীয় মানুহৰ সমাজ আৰু সংস্কৃতি” আৰু” জীৱনৰ বাটে বাটে”।
অহা ১৬ আৰু ১৭ মাৰ্চত ৰঙাপাৰাৰ নাহৰণি চাহ বাগিচাত পঞ্চম বাৰ্ষিক শিৰীষ মহোৎসৱ বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত থাকিব নগদ ১,০০০০০ লাখ টকা ,এখন তাম্ৰ পত্ৰ আৰু এখন অংগ বস্ত্ৰ।
উল্লেখ্য যে সদৌ অসম ভিত্তিত চাহ জনগোষ্ঠীয় লোক নৃত্যৰ কেতবোৰ প্ৰতিযোগিতা টীয়ক,চাবুৱা,কাজিৰঙা, পানেৰী, ৰঙাপাৰা আদি বিভিন্ন ঠাইত অনুষ্ঠিত হৈ গৈছে। অহা ১৬আৰু ১৭ মাৰ্চত ৰঙাপাৰাৰ নাহৰণি চাহ বাগিছাত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাত বিভিন্ন লোকে ক্ৰীড়া প্ৰতিযোগিতা আৰু অসমৰ জনপ্ৰিয় শিল্পী সকলৰ বাৰেৰহণীয়া অনুষ্ঠান পৰিবেশিত হ’ব।