নিউজ ডেস্ক, ১৯ জুন, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱে (নির্মাণ)ৰ মহাপ্ৰৱন্ধক অৰুণ কুমাৰ চৌধুৰীয়ে ১৬ জুন তাৰিখে আৰাৰিয়া-গলগলিয়া নতুন ব্ৰড গজ (BG) ৰে’লপথ প্রকল্পৰ এক বিস্তৃত পৰিদৰ্শন সম্পন্ন কৰে। এই পৰিদৰ্শনত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ কাটিহাৰ মণ্ডলৰ অন্তৰ্গত বিহাৰৰ আৰাৰিয়া আৰু ঠাকুৰগঞ্জৰ মাজত নতুনকৈ নিৰ্মিত ৰে’লপথ অংশটো সামৰি লোৱা হয়। এই পৰিদৰ্শনৰ সময়ত আৰাৰিয়াৰ সাংসদ প্ৰদীপ কুমাৰ সিঙৰ সৈতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গও উপস্থিত আছিল।
পৰিদৰ্শনৰ এক অংশ ৰূপে, প্ৰতি ঘন্টাত ১২০ কিমি গতিবেগেৰে এক হাই-স্পীড ট্ৰায়েল ৰাণ সফলভাৱে সম্পন্ন কৰা হয়, যাৰ দ্বাৰা নতুনকৈ নিৰ্মিত ৰে’লৱে ট্ৰেকটোৰ অৱস্থা আৰু গুণগতমানক প্ৰতিফলিত কৰে।
আৰাৰিয়া কোর্টৰ পৰা ঠাকুৰগঞ্জলৈ ১১০.৭৫ কিলোমিটাৰ বিস্তৃত, আৰাৰিয়া-গলগলিয়া ব্ৰড গজ ৰে’লপথ প্ৰকল্পটো বিহাৰ আৰু ইয়াৰ সংলগ্ন অঞ্চলসমূহত ৰে’ল সংযোগ আৰু পৰিচালন কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই প্ৰকল্পটো ২০২৫ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ লক্ষ্য নিৰ্ধাৰিত কৰা হৈছে। উইণ্ডো ট্ৰেইলিং পৰিদৰ্শনৰ সময়ত, মহাপ্ৰৱন্ধকে সম্পূৰ্ণ প্ৰকল্পটোৰ আন্তঃগাঁথনি কামকাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে।
আৰাৰিয়া-আৰাৰিয়া কোর্ট-ৰহমতপুৰ (৮.২৪ কিমি) আৰু পাৱাখালি-ঠাকুৰগঞ্জ (২৩.২৪ কিমি) খণ্ডটো ইতিমধ্যে ২০২৪ বৰ্ষৰ ক্ৰমে এপ্ৰিল আৰু নৱেম্বৰ মাহত কাৰ্যক্ষম কৰি তোলা হৈছে। ৰহমতপুৰ-পাৱাখালি (৭৯.২৭ কিমি)ৰ অৱশিষ্ট অংশটো বৰ্তমানে কমিছনিঙৰ অপেক্ষাত আছে যাৰ ফলত সম্পূৰ্ণ প্ৰকল্পটো সম্পূৰ্ণ ৰূপে কাৰ্যকৰী হ’ব। এই প্ৰকল্পটোত ৬৪ খন বৃহৎ সেতু, ২৬৪ খন সৰু সেতু আৰু ১৫ টা ৰে’লৱে ষ্টেচনৰ নিৰ্মাণ অন্তৰ্ভূক্ত আছে, যাৰ দ্বাৰা গ্ৰহণ কৰা অভিযান্ত্ৰিকী কামকাজৰ গুনগত মানদণ্ড আৰু জটিলতাৰ প্ৰতিফলন ঘটায়। এই গাঁঠনিসমূহে সম্পূৰ্ণ কৰিডৰটোৰ মজবুত আধাৰ হিচাপে কাম কৰি সমগ্ৰ ৰে’লপথটোৰ অবিৰত সংযোগ আৰু সুৰক্ষিত ৰে’ল পৰিচালনা নিশ্চিত কৰিছে।
এই ৰে’লপথে বিহাৰৰ বঞ্চিত আৰু দূৰৱৰ্তী এলেকাসমূহক ৰাষ্ট্ৰীয় ৰে’লৱে গ্ৰীডৰ সৈতে সংযোগেৰে এক গুৰুত্বপূৰ্ণ পৰিবহন লিংক হিচাপে ভূমিকা পালন কৰাৰ আশা কৰা হৈছে। যাত্ৰী আৰু মালবাহী ৰে’ল পৰিবহন অধিক সুগম কৰি আঞ্চলিক উন্নয়নক ত্বৰান্বিত কৰাৰ লগতে পৰ্যটনক উৎসাহিত কৰা আৰু বাণিজ্যিক কাৰ্যকলাপসমূহক সহায় প্ৰদান কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
ইয়াৰ উপৰিও এই ৰে’লপথটোৱে নেপালৰ সৈতে সীমান্তৰ ৰে’ল সংযোগ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এক কৌশলগত বিশেষ গুৰুত্ব বহন কৰিব। উত্তৰ পূব সীমান্ত ৰে’লৱেই এই ৰূপান্তৰকাৰী প্ৰকল্পটো সময়মতে সম্পূৰ্ণ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ থকাৰ লগতে গুণগত মানদণ্ড আৰু সৰ্ব্বোচ্চ সুৰক্ষা নিশ্চয়তা প্ৰদানৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখিছে।