আজি বিশ্ব ঐতিহ্য দিৱস৷ বিশ্বৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ সংৰক্ষণ তথা মানুহৰ মাজত সজাগতা বৃদ্ধিৰ কাৰণে ১৯৮৩ চনত ইউনেস্ক’ৰ সাধাৰণ সভাই আজিৰ দিনটো বিশ্ব ঐতিহ্য দিৱস হিচাপে স্বীকৃতি দিয়ে৷ উল্লেখ্য যে, ইউনেস্ক’ই বিশ্বৰ ঐতিহ্যমণ্ডিত স্থানসমূহ তালিকা প্ৰস্তুত কৰি সেই স্থানসমূহ সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ এনে স্থানসমূহক বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা Word Heritage Site নামে জনা যায়৷ ২০১৫ ৰ জুলাইলৈ ১,০৩১ টা স্থানক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে৷ ইয়াৰে ৮০২ টা সাংস্কৃতিক, ১৯৭ টা প্ৰাকৃতিক আৰু ৩২ টা স্থান মিশ্ৰিত ঐতিহ্যক্ষেত্ৰ ৷ ভাৰতবৰ্ষত বৰ্তমানলৈ ৩২ টা স্থানক ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে ৷ ইয়াৰ উপৰিও মানুহৰ মাজত সজাগতা বৃদ্ধিৰ বাবে প্ৰতি বছৰে ১৮ এপ্ৰিলত কীৰ্তিস্তম্ভ আৰু ঐতিহ্য ক্ষেত্ৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় দিৱস (International Day for Monuments and Site ) বা বিশ্ব ঐতিহ্য দিৱস (World Heritage Day) পালন কৰি আহিছে৷ এই দিনটোত বিশ্বৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হয়৷ পোন প্ৰথমবাৰৰ বাবে ১৯৮২ চনত এখন আলোচনাচক্ৰত  ইণ্টাৰনেচনেল কাউন্সিল অন্‌ মনুমেণ্টছ্‌ এণ্ড্‌ ছাইটচ্‌ চমুকৈ আইচিঅ’এমঅ’এছয়ে সমগ্ৰ বিশ্বতে বিশ্ব ঐতিহ্য দিৱস পালন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ আইচিঅ’এমঅ’এছৰ এই প্ৰস্তাৱ ১৯৮৩ চনত ইউনেস্ক’ৰ সাধাৰণ সভাত স্বীকৃতি লাভ কৰাত প্ৰতি বছৰে আজিৰ দিনটো বিশ্ব ঐতিহ্য দিৱস হিচাপে পালন কৰা হয়৷