গুৱাহাটী : ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ। ৰাজ্যৰ ২৬ খনকৈ জিলাৰ মুঠ ১০৮৯ খন গাঁও এতিয়াও ডুব গৈ আছে বাঢ়নী পানীত। বানপানী আৰু ভূমিস্খলনৰ ফলত ৰাজ্যত বর্তমানলৈকে ৮ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। বানপানীত তিনিজন লোকৰ মৃত্যু হৈছে। কাছাৰ জিলাত দুজন আৰু ওদালগুৰি জিলাত এজন লোকৰ মৃত্যু হৈছে বানপানীৰ ফলত। আনহাতে ডিমা হাছাও জিলাত চাৰি জন আৰু লখিমপুৰত এজন, মুঠ পাঁচ জন লোকৰ ভূমিস্খলনত মৃত্যু হৈছে।

ইফালে কাছাৰ জিলাত চাৰিজন, নগাঁও জিলাত এজন আৰু আন পাঁচজন লোক সন্ধানহীন হোৱাৰ খবৰ আহিছে। বানপানীৰ ফলত ৰাজ্যত চাৰি লাখতকৈও অধিক লোক প্ৰভাৱিত হৈছে। আৰক্ষী, সেনা, অৰ্ধ-সামৰিক বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ জৰুৰীকালীন সেৱাই বানপানীত আৱদ্ধ হৈ থকা ৩৪২৭ জন লোকক উদ্ধাৰ কৰিছে। বান প্ৰভাৱিত জিলা সমূহত প্ৰশাসনে ১৪২ টা আশ্ৰয় শিবিৰ আৰু ১১৫ টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে।

আশ্ৰয় শিবিৰত মুঠ ৩৯,৫৫৮ জন বানাক্ৰান্ত লোকক আশ্ৰয় প্ৰদান কৰা হৈছে। বৰ্তমান কামপুৰ আৰু ধৰ্মতুলত বিপদ সীমাৰ চিহ্নৰ ওপৰেৰে কপিলী নদী, নাংলামুৰাঘাটত দিছাং নদী, এ পি ঘাটত বৰাক নদী আৰু কৰিমগঞ্জত কুছিয়াৰা নদী বৈ আছে। ইফালে, গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অনাগত দিনত অঞ্চলটোত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে। বিভাগটোৱে জনোৱা মতে, অঞ্চলটোত সাধাৰণতকৈ অধিক বৰষুণ হৈছে আৰু অহা দুদিনমানলৈ অধিক বৰষুণ হ’ব।