মানিকপুৰ, ২৩ জুনঃ চিকিৎসালয়ত ৰোগীক লৈ যাবলৈ, দুৰ্ঘটনা সংঘটিত হলে, আহতক চিকিৎসালয় লৈ যাবলৈ ৰাইজে ফোন কৰে ১০৮ সেৱাক৷ কিন্তু এতিয়া এই সেৱাৰ নিৰাপত্তাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ বঙাইগাঁৱৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰত ১০৮ গাড়ী চালকৰ কৰ্ম কাণ্ডই উদ্বিগ্ন কৰি তুলিছে সৰ্বসাধাৰণক। ৰক্ষকেই লৈছে ভক্ষকৰ ৰূপ৷ ভাণ্ডাৰত এএছ-০১ইচি-৭৯২৪ নম্বৰৰ ১০৮ ৰ গাড়ী চালকে পথৰ কাষত ৰখাই থোৱা এএছ-১৮বি-০০২৭ নম্বৰৰ ইণ্ডিগ’ত খুন্দা মাৰি পলায়নৰ চেষ্টা  কৰে৷ কিন্তু স্থানীয় লোকে চালক জনক কৰায়ত্ব কৰি উত্তম-মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে৷ স্থানীয় লোকৰ অভিযোগ অনুহৰি, ১০৮ গাড়ীৰ চালকজনে সুৰামত্ত হৈ গাড়ী চলোৱাৰ কাৰণে দুৰ্ঘটনা সংঘটিত হয়৷ বৰ্তমান চালকজনক সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।