নিউজ ডেস্ক : উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক শোকাবহ দুর্ঘটনা। এই শোকাবহ দুৰ্ঘটনাত মৃত্যু হৈছে ১৩ গৰাকীকৈ যুৱতী-মহিলাৰ। কুঁৱাত পৰি কৰুণ মৃত্যু হয় ১৩ গৰাকী যুৱতী-মহিলাৰ। এক বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা ১৩ গৰাকীকৈ যুৱতী-মহিলাৰ মৃত্যু ঘটে কুঁৱাত পৰি।

উত্তৰ প্ৰদেশৰ উত্তৰ প্ৰদেশৰ কুশীনগৰ জিলাৰ নৌৰঙ্গিয়া টোলা গাঁৱত এক বিবাহ অনুষ্ঠানত সংঘটিত হৈছে এক শোকাবহ দুর্বঘটনা। বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা ১৩ গৰাকীকৈ যুৱতী-মহিলা মৃত্যু ঘটে কুঁৱাত পৰি। বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এই শোকাবহ দুর্ঘটনা।

নিশাৰ ভাগত মহিলা আৰু যুৱতী সকলে এটা কুঁৱাৰ পাৰত বিবাহৰ ৰীতি-নীতি সম্পন্ন কৰি থকা অৱস্থাত হঠাৎ কুঁৱাৰ নেট ভাঙি কেইবাগৰকী যুৱতী-মহিলা কুঁৱাত পৰি যায়। দুর্ঘটনাত ১৩ গৰাকীকৈ যুৱতী-মহিলাৰ কৰুণ মৃত্যু হোৱাৰ লগতে কেইবাগৰকী যুৱতী-মহিলা আহত হয়। আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।