মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৪১ টাকৈ চোৰাং গৰু জব্দ। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ সীমান্ত ভ্ৰমণৰ পিছতো মানকাচৰত অব্যাহত আছে গৰুৰ চোৰাং বেহা। গোপন খবৰৰ ভিত্তিত দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীয়ে পৃথকে পৃথকে দুটা অভিযান চলাই জব্দ কৰে চোৰাং গৰু কেইটা।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অব্যাহত আছে গৰুৰ চোৰাং বেহা। সোমবাৰে জিলাখনৰ বন্দিহানা আৰু মানকাচৰত আৰক্ষীয়ে পৃথকে পৃথকে দুটা অভিযানত ৪১ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। সোমবাৰে পুৱা প্ৰায় ৮ বজাত বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল কাচেমৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ফকিৰচৰ নামৰ নৈপৰীয়া গাঁৱত অভিযান চলায়।

এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা এই অভিযানত মুঠ ৩৭ টা গৰু জব্দ হয়। আৰক্ষীৰ দলটো উপস্থিত হোৱাৰ লগে লগে চোৰাং গৰু সৰবৰাহকাৰী দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে গৰু কেইটা জব্দ কৰি ফকিৰগঞ্জ খোৱাৰাত জমা কৰিছে। ইফালে পুৱতি নিশা প্ৰায় ৩ বজাত মানকাচৰ থানাৰ অন্তৰ্গত কাকৰিপাৰাতো মানকাচৰ আৰক্ষীৰ দল এটাই অভিযান চলাই চাৰিটা গৰু জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে ৮ দিন পূৰ্বে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰিছিল দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।মানকাচৰ-বাংলাদেশ সীমান্তত গৰুৰ চোৰাং কাৰবাৰ বন্ধ কৰাৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণৰ পিছতো মানকাচৰৰ সীমান্তৰে প্ৰতিদিনে বাংলাদেশলৈ গৰু সৰবৰাহ হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।