ৰহা, ২৩ জুনঃ ৰেলৱে বিভাগত নিযুক্তিৰ ক্ষেত্ৰত থলুৱাক বঞ্চনা কৰাৰ ঘটনাক লৈ ৰহা নতুন চাৰিআলিত সদৌ অসম ছাত্ৰ সন্থাৰ ৰহা আঞ্চলিক সমিতিৰ শতাধিক সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, উত্তৰ পূব সীমান্ত ৰেলৱেত তৃতীয় বৰ্গৰ কমাৰ্চিয়েল এপ্ৰেনটিচ পদৰ কাৰণে গুৱাহাটীৰ ৰেলৱে নিযুক্তি বৰ্ডে প্ৰকাশ কৰা ৫১ জনীয়া তালিকাত এজনো থলুৱা প্ৰাৰ্থী নাম নথকাৰ অভিযোগ কৰিছিল ছাত্ৰ সংগঠনটোৱে৷ নিযুক্তিৰ ক্ষেত্ৰত ৰেলৱে বিভাগে ৰাজ্যৰ থলুৱা প্ৰাৰ্থীক এনেদৰে বঞ্চনা কৰা কাৰ্যক সংগঠনটোৱে কঠোৰ ভাষাৰে সমালোচনা কৰে৷ বিশেষকৈ অসমৰ সাংসদ ৰাজেন গোঁহাই ৰেল ৰাজ্যৰ মন্ত্ৰীৰ দায়িত্ব থকাৰ পিছতো ৰেলৱে বিভাগত ৰাজ্যৰ থলুৱা প্ৰাৰ্থীক বঞ্চনা কৰা কাৰ্যত ছাত্ৰ সংগঠনটোৱে তীব্ৰ আশ্চৰ্য্য কৰে৷ কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পিছতো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীক এনেদৰে বঞ্চিত কৰি বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়া কাৰ্যই কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি থকা অৱহেলা মনোভাৱক পুনৰবাৰ প্ৰতিপন্ন কৰিছে বুলি অভিযোগ কৰি সংগঠনটোৱে ৰহাৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৱে চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ মুখৰিত কৰি ৰহাৰ ৰাজপথত ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ পুত্তলিকা দাহ কৰে৷ লগতে ৰেলৱে বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ থলুৱা লোকৰ কাৰণে সংৰক্ষণ কৰি শীঘ্ৰে নিযুক্তিৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰৰ লগতে ৰেলৱে বিভাগক দাবী জনায়৷ অন্যথা অনাগত দিনত ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷