গুৱাহাটী : ফেডাৰেচন কাপ এথলেটিকচত উজলিল অসমৰ অম্লান বৰগোঁহাই আৰু হিমা দাস। ফেডাৰেচন কাপ এথলেটিকচত অসমৰ অম্লান বৰগোঁহাই আৰু হিমা দাসৰ স্বৰ্ণ জয়। ৰাষ্ট্ৰীয় অভিলেখেৰে বিশ্ব ছিনিয়ৰ ছেম্পিয়নশ্বপলৈ যোগ্যতা অৰ্জন কৰিলে অসম সন্তান অম্লান বৰগোঁহাইৰ।

ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত পুনৰ অসম সন্তানৰ জয়জাত্ৰা অব্যাহত। কেৰালাৰ কালিকটত অনুষ্ঠিত হৈ থকা ২৫ সংখ্যক চিনিয়ৰ
ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকচ প্ৰতিযোগিতাত অসমৰ অম্লান বৰগোঁহাইৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন। পুৰুষৰ ২০০ মিটাৰদৌৰত অম্লান বৰগোঁহাইয়ে ২০.৫২ চেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভ কৰে।

প্ৰথম গৰাকী অসমীয়া খেলুৱৈ হিচাপে অম্লান বৰগোঁহাইয়ে অহা জুলাই মাহত আমেৰিকাৰ অৰেগণত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ছিনিয়ৰ ছেম্পিয়নশ্বপলৈ যোগ্যতা অৰ্জন কৰিছে। আনহাতে অম্লান বৰগোঁহাইৰ এই প্ৰদৰ্শনেৰে ২২তম এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে।উল্লেখ্য যে অসমৰ ধিং এক্সপ্ৰেছ হিমা দাসেও মহিলাৰ ২০০ মিটাৰ দৌৰত ২৩.৬৩ চেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

হিমা দাস আৰু অম্লান বৰগোঁহাইৰ এই সফলতাৰ পিছতেই ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ লগতে অসমৰ এথলেটিকচ্ ক্ষেত্ৰখনলৈ এক নতুন বাৰ্তাৰ আগমন ঘটিছে। দুয়োগৰাকী খেলুৱৈৰ সাফল্যত অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভড়ালীৰ লগতে অসমবাসীয়ে দুয়োগৰাকী খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।