আজিজ আলী

হাজো : হাজোৰ সন্তান হেদায়ৎ আলীৰ এভাৰেষ্ট শৃংগ আৰোহণ। এভাৰেষ্ট জয় কৰা সপ্তম গৰাকী অসমীয়া হাজোৰ হেদায়ৎ আলী। হাজোৰ সন্তান হেদায়ৎ আলীৰ সাফল্যত উৎফুল্লিত হাজোবাসী ৰাইজ। হেদায়ৎ আলী আমেৰিকাৰ কেলিফ্ৰনিয়াত কৰ্মৰত। 

এভাৰেষ্ট জয় কৰা সপ্তম গৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছে হাজোৰ দামপুৰৰ সন্তান হেদায়ৎ আলী। এভাৰেষ্ট শৃংগ আৰোহণ কৰি হেদায়ৎ আলীয়ে হাজোলৈ কঢ়িয়াই আনিছে গৌৰৱ। হাজোৰ সু-সন্তান হেদায়েৎ আলীৰ এই সাফল্যকলৈ আনন্দ লহৰ বৈছে হাজোত।

হাজোৰ দামপুৰৰ সু-সন্তান হেদায়ৎ আলী বৰ্তমান আমেৰিকাৰ কেলিফ্ৰনিয়াৰৰ বাসিন্দা। হেদায়েৎ আলীয়ে এভাৰেষ্ট শৃংগ আৰোহণ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ হাজোত আনন্দৰ বন্যা। দামপুৰৰ ড্ৰীম ফুটবল একাডেমীয়ে হেদায়েৎ আলীলৈ অভিনন্দন জনাইছে।

হেদায়েৎ আলীৰ পিতৃ চৈয়াদুল্লা আলী জনসংযোগ বিভাগৰ কৰ্মচাৰী আছিল। হেদায়ৎ আলীয়ে ডিফুৰ ধৰমনালা এলপি স্কুলত অধ্যয়ন কৰাৰ পিছত গোৱালপাৰা সৈনিক স্কুলত নামভৰ্ত্তি কৰিছিল। পিছত যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা চফট ওৱেৰ ইঞ্জিনীয়াৰ পাছ কৰি ১৯৯৮ চনত আমেৰিকাত চাকৰিত যোগদান কৰে।