গুৱাহাটী : গুজৰাটৰ কংগ্ৰেছ দলৰ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ। অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক। বুধবাৰে নিশাৰ ভাগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গুজৰাটৰ কংগ্ৰেছ বিধায়ক গৰাকীক।

গুজৰাটৰ ভাডগাম বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক জিগনেশ মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে নিশা প্ৰায় ১১.৩০ বজাত অসম আৰক্ষীয়ে জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীৰ এটা দল গুজৰাটত উপস্থিত হৈ কংগ্ৰেছ দলৰ বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰে।

পালনপুৰ চাৰ্কিট হাউচৰ পৰা অসম আৰক্ষীয়ে ভাডগাম বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীয়ে বিধায়ক জিগনেশ মেৱানীক লৈ আহমাদবাদলৈ ৰাওনা হৈছে। আহমাদবাদৰ পৰা গুৱাহাটীলৈ জিগনেশ মেৱানীক অনা হ’ব বুলিও জানিব পৰা গৈছে।

জিগনেশ মেৱানীৰ এক টুইটৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। জিগনেশ মেৱানীৰ টুইটকলৈ অসমৰ কোকৰাঝাৰত এজন লোকে জিগনেশ মেৱানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। ইফালে জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰকলৈ গুজৰাটৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে।

জিগনেশ মেৱানীৰ সমৰ্থক সকলে ইয়াৰ বিৰোধিতা কৰিছে। অসম আৰক্ষীয়ে কোনো ধৰণৰ এজাহাৰৰ প্ৰতিলিপি প্ৰদান নকৰাকৈ জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে কংগ্ৰেছ নেতা-কর্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে।