গুৱাহাটী : পৰিৱেশ অনুকূল ফেশ্বন আঁকোৱালি লোৱাৰ 
ক্ষেত্ৰত এখোজ আগুৱাই গৈ, ভাৰতৰ অতি জনপ্ৰিয় চছমাৰ
প্লেটফৰ্ম ‘আইমাইআই’য়ে ভাৰতত এক উল্লেখনীয় দীৰ্ঘস্থায়ী চছমাৰ ফ্ৰেমৰ এটা উৎকৃষ্ট সংগ্ৰহ ‘বেম্বো আইৱেৰ ৰেঞ্জ’ আগবঢ়াবলৈ পাই গৌৰৱ অনুভৱ কৰিছে। ১০০ শতাংশ বিশুদ্ধ আৰু জৈৱিক বাঁহৰ সামগ্ৰীৰে ডিজাইন কৰা এই সংগ্ৰহটোত  চছমা আৰু প’লাৰাইজড ছানগ্লাছৰ এক অনন্য ৰেঞ্জ আগবঢ়োৱা হৈছে যিবোৰ সম্ভাব্য যিকোনো বয়সৰ লোকৰ বাবে ৰুচিবোধসম্পন্ন হ’ব।

এই বেম্বো আইৱেৰ ফ্ৰেমবোৰ মজবুত তথা দীৰ্ঘ-স্থায়ী বাঁহৰ সামগ্ৰীৰ দ্বাৰা হাতেৰে বনোৱা হৈছে যি বহুদিন টিকি থাকিবৰ বাবে যথেষ্ট কাৰ্যকৰী আৰু শক্তিশালী হোৱাৰ লগতে বছৰটোৰ ৩৬৫ দিনেই এজন ব্যক্তিৰ দুচকুত প্ৰকৃতিৰ নান্দনিকতা তুলি ধৰিব পাৰে। প্ৰকৃতিৰ বিভিন্ন প্ৰচ্ছায়াত  লহপহকৈ গজা বাঁহেৰে নিৰ্মাণ কৰা এই সংগ্ৰহটোত কেতবোৰ আছুতীয়া ডিজাইন আগবঢ়োৱা হৈছে যি দুটা ফ্ৰেম দেখাত সাইলাখ একেই নোহোৱাটো সুনিশ্চিত কৰিছে। তাৰোপৰি ইয়াৰ প্ৰত্যেকযোৰ চছমাৰ লগত দিয়া হৈছে বাঁহেৰে অতি মনোমোহাকৈ ডিজাইন কৰাএকোটাকৈ সুৰক্ষাত্মক কেছ।

এই বাঁহৰ চছমাৰ ৰেঞ্জটো এজন ব্যক্তিৰ চেহেৰাটো সজাই তুলিবৰ বাবে অতি মনোযোগেৰে সৈতে ডিজাইন কৰা হৈছে, আৰু তাৰ লগতে অত্যন্ত স্পষ্ট দৃশ্যমানতা তথা আৰাম প্ৰদান কৰাৰ বিপৰীতে এই প’লাৰাইজড বেম্বো ছানগ্লাছবোৰে আগবঢ়ায় ১০০ শতাংশ ইউভিএ আৰু ইউভিবি সুৰক্ষা। সৌন্দৰ্য  আৰু দীৰ্যস্থায়িত্ব উভয় ক্ষেত্ৰতে এখোজ আগত থকা, এই ৰেঞ্জটো হৈছে সেইসকল লোকৰ বাবে এক বিৰাট পচন্দৰ সামগ্ৰী যিসকলে বোৰ্ডৰুম আৰু সমুদ্ৰতীৰ সকলোতে সমান উৎসাহেৰে সৈতে অধিপত্য বিস্তাৰ কৰিব খোজে।

‘আইমাইআই’ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া, গণেশ আয়াৰে কয়, “চছমাৰ বজাৰখনত ইয়াৰ ক্ৰমবিকশিত গ্ৰাহকসকলৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবৰ বাবে ভাৰতৰ চছমাৰ বজাৰখনে যোৱা বছৰকেইটাত বহুখিনি আগুৱাই গৈছে। দীৰ্ঘস্থায়িত্ব আৰু পৰিৱেশৰ কল্যাণ সাধন কৰাৰ প্ৰতি বিশ্ববাসীৰ বৰ্ধিত প্ৰৱণতাৰ সৈতে, এই দীৰ্ঘস্থায়ী চছমা হৈছে এক অধিক পৰিষ্কাৰ-পৰিচ্ছন্ন পৰিৱেশৰ প্ৰতি আগবঢ়োৱা অন্য এক ইতিবাচক পদক্ষেপ। ‘আইমাইআই’ৰ  বেম্বো আইৱেৰ ৰেঞ্জৰ  প্ৰত্যেকযোৰ চছমাৰে আছে প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত সৌন্দৰ্যৰ এক উপাদান। আমাৰ এটা কথাত বিশ্বাস আছে যে এই সংগ্ৰহটো আমাৰ বিচক্ষণ গ্ৰাহকসকলে খুওব সুন্দৰকৈ আদৰি ল’ব”।