আগৰতলা : ত্ৰিপুৰাৰ ৰাজনীতিত ধুমুহা। বিপ্লৱ কুমাৰ দেৱৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগৰ পিছতে ত্ৰিপুৰাৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে। হঠাৎ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিলে বিপ্লৱ কুমাৰ দেৱে। আজিয়ে নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা।

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ ৰাজনীতিত হঠাৎ সৃষ্টি হৈছে ধুমুহাৰ। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে শনিবাৰে হঠাৎ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰীৰ নাম আজিয়ে ঘোষণা কৰাৰ সম্ভাৱনা আছে।

শনিবাৰে বিপ্লৱ কুমাৰ দেৱে ত্ৰিপুৰাৰ ৰাজ্যপাল এছ এন আৰ্যক সাক্ষাৎ কৰি ৰাজ্যপালৰ হাতত নিজৰ পদত্যাগ পত্ৰ অৰ্পণ কৰে। উল্লেখ্য যে ২০১৮ চনত বিপ্লৱ কুমাৰ দেৱ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। ২০১৮ চনত বিপ্লৱ কুমাৰ দেৱৰ নেতৃত্বত ত্ৰিপুৰাত প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠন হৈছিল।

শুকুৰবাৰে বিপ্লৱ কুমাৰ দেৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নদ্দাক সাক্ষাৎ কৰিছিল। দিল্লীৰ পৰা উভতি আহি শনিবাৰে বিপ্লৱ কুমাৰ দেৱে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। উল্লেখ্য যে ২০২৩ চনত ত্ৰিপুৰাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাৱনৰ পূৰ্বে এইদৰে বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগৰ আঁৰত কি ৰহস্য আছে পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।