আজিজ আলী

মুকালমুৱা : পুখুৰীৰ পৰি ডেৰ বছৰীয়া শিশুৰ সলিল সমাধি। মুকালমুৱাত সংঘটিত হৈছে এই কৰুণ ঘটনা। খেলি থকা অৱস্থাত ঘৰৰ পিছফালে থকা পুখুৰীত পৰি শিশুটিৰ সলিল সমাধি ঘটে। এই কৰুণ ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে।

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ সাতখনকৈ জিলা বানপানীৰ কবলত পৰিছে। পাহাৰীয়া ৰাজ্য ডিমা হাছাও জিলা বিধ্বস্ত কৰিছে বৰষুণ আৰু ভূমিস্খলনে। জিলাখনত ভূমিস্খলনৰ ফলত এগৰাকী শিশুসহ তিনিজনকৈ লোকৰ মৃত্যু হৈছে।

বানপানী আৰু ভূমিস্খলনৰ তাণ্ডৱৰ মাজতে নলবাৰী জিলাৰ মুকালমুৱাত সংঘটিত হৈছে এক কৰুণ ঘটনা। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাৰ কেকানকুছিত সংঘটিত হৈছে এই কৰুণ ঘটনা। পুখুৰীত পৰি এটি ডেৰ বছৰীয়া শিশুৰ সলিল সমাধি ঘটিছে মুকালমুৱাৰ কেকানকুছিত৷

মুকালমুৱাৰ ২ নং কেকানকুছি গাঁৱৰ মনোৱাৰ হুছেইন নামৰ এজন লোকৰ ডেৰ বছৰীয়া পুত্ৰ ৰাছিদুল ইছলাম খেলি থকা অৱস্থাত ঘৰৰ পিছফালে থকা পুখুৰীত পৰি যায়৷ পৰিয়ালৰ লোকে শিশুটিক পুখুৰীৰ পৰা উদ্ধাৰ কৰি মুকালমুৱা চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। শিশুটিৰ কৰুণ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লোক৷