আজিজ আলী
নলবাৰী : নলবাৰীৰ দেৱীৰাম হাইস্কুল সংযোগী উপ পথত নৈ সদৃশ পৰিৱেশ। যান বাহনৰ পৰিবৰ্তে, নাও অথবা পানী জাহাজৰহে আৱশ্যক বুলি ৰাইজৰ মন্তব্য। নলবাৰীবাসী ৰাইজৰ প্ৰধান সমস্যা হৈছে কৃত্ৰিম বান। প্ৰতি বছৰে বাৰিষা আহিলে ৰাইজে ভুগিব লাগে দুৰ্ভোগ। চৰকাৰক তথা প্ৰশাসনক তীব্ৰ সমালোচনা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ। 

নেৰানেপেৰা বৰষুণৰ ফলত নলবাৰী চহৰত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ। চহৰখনৰ ভিন্ন প্ৰান্তত এক আঠুলৈকৰে পানী আৰু গেলা-পচা সামগ্ৰী সমূহৰ বাবে যমৰ যাতনা ভুগিছে নলবাৰী চহৰৰ ৰাইজে। চহৰখনৰ অন্য প্ৰান্তৰ লগতে দেৱীৰাম সংযোগী উপ-পথ, বিশেষকৈ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ ভাগ প্ৰতিটো বাৰিষাতে প্লাৱিত হৈ পৰে।

এই উপ-পথটো বাৰিষা সময়ত এটা নদীলৈ ৰূপান্তৰ হৈ উঠে। কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা বিদ্যালয়খনত পঢ়া প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে পানীৰ ওপৰৰে যাতায়ত কৰি বিদ্যালয়লৈ আহিব লগীয়া হয়।উন্নয়ণৰ শ্ল’গান দিয়া মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচীৱ তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে।

এই পথটিত যান-বাহন নহয়, নাও অথবা পানী জাহাজৰহে আৱশ্যক বুলি কয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ কৰ্মকর্তা সকলে। নলবাৰীৰ ৰাইজৰ সমস্যা কৃত্ৰিম বান ৰোধ আৰু নলা-নৰ্দমা নিষ্কাষণত চৰকাৰ তথা প্ৰশাসনক গুৰুত্ব দিবলৈও আহ্বান জনায়। জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টি নলবাৰীবাসী ৰাইজে আৰু কিমান দিনলৈ কৃত্ৰিম বানপানীৰ মাজত থাকিব বুলি প্ৰশ্ন।