গুৱাহাটী : আপুনি খাদ্যপ্ৰেমী নেকি ? আপুনি ব্রিয়ানী খাই ভাল পায় নেকি ? আপুনি কিমান ব্রিয়ানী খাব পাৰে ? যদি আপুনি ব্রিয়ানী খাই ভাল পায় আৰু আপুনি যদি বহুত ব্রিয়ানী খাব পাৰে তেন্তে আপোনাৰ বাবে আছে এক বিশেষ সুযোগ। আপুনি ব্রিয়ানীৰ বুলেট থালি খাই ঘৰলৈ নিব পাৰিব এখন ৩৫০ ক্লাছিক বুলেট।

‘দ্য ব্রিয়ানী কিংডম’ নামৰ ব্রিয়ানী ৰেষ্টুৰেণ্টৰ বুলেট থালি খাই আপুনি এখন ৩৫০ ক্লাছিক বুলেট লাভ কৰাৰ লগতে এবছৰৰ বাবে ৰেষ্টুৰেণ্টখনত বিনামূলীয়ালৈ খাব পাৰিব ব্রিয়ানী। ‘দ্য ব্রিয়ানী কিংডম’ৰ বুলেট থালি খাই আপুনি এবছৰৰ বাবে হৈ পৰিব ব্রিয়ানী ৰেষ্টুৰেণ্টখনৰ কিং। কিন্তু ৩৫০ ক্লাছিক বুলেটখন ঘৰলৈ নিবলৈ আৰু ‘দ্য ব্রিয়ানী কিংডম’ৰ কিং হ’বলৈ এঘণ্টাৰ ভিতৰত আপুনি খাব লাগিব বুলেট থালি।

শুকুৰবাৰে মহানগৰী গুৱাহাটীত উদ্বোধন কৰা হৈছে এই বিশেষ ব্রিয়ানী ৰেষ্টুৰেণ্টখন। ডাউন টাউন হাস্পতালৰ ২ নং গেটৰ বিপৰীত দিশত নতুনকৈ মুকলি কৰা ‘দ্য ব্রিয়ানী কিংডম’ নামৰ ব্রিয়ানী ৰেষ্টুৰেণ্টখনৰ ব্রিয়ানী স্বাদ কিছু সুকীয়া। এইখন ৰেষ্টুৰেণ্টৰ ব্রিয়ানীত প্ৰয়োগ কৰা হয় অসমৰ কিছুমান বিশেষ মছলা। অসমৰ মছলা প্ৰয়োগ কৰি ব্রিয়ানী তৈয়াৰ কৰা এইখন উত্তৰ পূৱৰ প্ৰথমখন ব্রিয়ানী ৰেষ্টুৰেণ্ট।

‘দ্য ব্রিয়ানী কিংডম’ত বুলেট থালিৰ লগতে আপোনাৰ বাবে আছে ৰাৱণ থালি। ৮৯৯ টকাৰ ৰাৱণ থালিৰ সুবিধা হৈছে আপুনি যিমান পাৰে সিমান ব্রিয়ানী খাব পাৰিব। এতিয়া আপুনি ‘দ্য ব্রিয়ানী কিংডম’ৰ বুলেট থালি খাই ৩৫০ ক্লাছিক বুলেটখন ঘৰলৈ নি ‘দ্য ব্রিয়ানী কিংডম’ৰ কিং হ’ব নে ৰাৱণ থালি খাবলৈ ‘দ্য ব্রিয়ানী কিংডম’ত আহিব ?