গুৱাহাটী : অসমৰ সৰ্বপ্ৰথম ক্লাব হিচাপে ৰাষ্ট্ৰীয় মহিলা ক্লাব ফুটবল ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ সাজু হৈছে গুৱাহাটী চিটী এফচি। দেশৰ শীৰ্ষতম মহিলা ফুটবল লীগ ইণ্ডিয়ান ৱিমেনছ লীগ চমুকৈ আইডব্লিউএলৰ কোৱালিফায়াৰ্ছত খেলিবলৈ ক্লাবৰ মহিলা দলটোৱে বিগত প্ৰায় এমাহৰ পৰা পূৰ্ণ প্ৰস্তুতি চলাইছে। মুখ্য প্ৰশিক্ষক এএফচি বি লাইচেঞ্চপ্ৰাপ্ত বিধান দাসৰ নেতৃত্বত আৰু সহকাৰী প্ৰশিক্ষকদ্বয় মিজোৰামৰ এএফচি চি লাইচেঞ্চপ্ৰাপ্ত আৰ লালনুনছাংগি তথা এআইএফএফ ডি লাইচেঞ্চপ্ৰাপ্ত বিতু দাসৰ তত্বাৱধানত ২০ জনীয়া মহিলা ফুটবল দলটোৱে লখৰাৰ উদয়ন কৃষ্টি সংঘৰ খেলপথাৰত দুয়োবেলা কঠোৰ অনুশীলন চলাই আছে।

নতুন দিল্লীৰ ডঃ আম্বেদকাৰ ষ্টেডিয়ামত ১ এপ্ৰিলৰপৰা হ’ব লগা এই কোৱালিফায়াৰ্ছত জিচিএফচিৰ প্ৰতিদ্বন্দ্বী মণিপুৰৰ য়ুথ ৱেলফেয়াৰ ক্লাব, গুজৰাটৰ আৰা এফচি আৰু হিমাচল প্ৰদেশৰ গলাজো এফচি হ’ব বুলি ক্লাবৰ সঞ্চালক সিদ্ধাৰ্থ শংকৰ ডেকাই জানিবলৈ দিয়ে। ১ এপ্ৰিলত আৰা এফচি, ৩ এপ্ৰিলত য়ুথ ৱেলফেয়াৰ ক্লাব আৰু ৫ এপ্ৰিলত গলাজো এফচিৰ বিৰুদ্ধে জিচিএফচি অৱতীৰ্ণ হ’ব। ক্লাবৰ সঞ্চালক সিদ্ধাৰ্থ শংকৰ ডেকাই কয় যে এই চাৰিওটা দলৰ ভিতৰত সৰ্বাধিক পইন্ট লাভ কৰা দলটোৱে মূল ৰাউণ্ডত উপনীত হ’ব য’ত বিভিন্ন ৰাজ্যৰ মহিলা লীগৰ চেম্পিয়ন দলবোৰে ইতিমধ্যে পোনপটীয়াকৈ প্ৰৱেশ কৰিছে।

অসমত মহিলা ৰাজ্যিক লীগ হোৱা নাই বাবে অসম ফুটবল সন্থাই সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নিয়ম মতে জিচিএফচিক মনোনীত কৰিছিল। ইয়াৰ বাবে ফুটবল সন্থাক ধন্যবাদ জনাই ক্লাবৰ সঞ্চালক সিদ্ধাৰ্থ শংকৰ ডেকাই অনাগত ছিজনত মহিলা আৰু পুৰুষৰ ৰাজ্যিক ফুটবল লীগ অনুষ্ঠিত কৰিবলৈ সন্থাক অনুৰোধ জনাই যাতে অসমৰ ক্লাবসমূহে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ পায়। উল্লেখ্য যে অহা ছিজনৰ পৰা ফেডাৰেচনে ৰাজ্যিক লীগ নাপাতিলে ক্লাব মনোনীত কৰিবলৈ সুযোগ নিদিয়ে। সেয়ে ক্লাবসমূহে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ ৰাজ্যসমূহত ৰাজ্যিক লীগ পাতিবই লাগিব।

ইপিনে মুখ্য প্ৰশিক্ষক বিধান দাসে জনায় যে এইবাৰৰ ছিজনত জিচিএফচিয়ে মূলতঃ অনুৰ্ধ ১৮ স্থানীয় খেলুৱৈৰ সৈতে অৱতীৰ্ণ হৈছে আৰু মূল লক্ষ্য হৈছে অভিজ্ঞতা আহৰণ। পৰৱৰ্তী ছিজনত ৰাজ্যিক মহিলা লীগত খেলি চেম্পিয়ন হৈ আইডব্লিউএলৰ বাবে যোগ্যতা আহৰণ কৰাটো তেওঁলোকৰ মূল লক্ষ্য। সঞ্চালক তথা গুৱাহাটী ক্ৰীড়া সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সিদ্ধাৰ্থ শংকৰ ডেকাই কয় যে এইবাৰ যিহেতু তেওঁলোকে কোৱালিফায়াৰ্ছ খেলিছে সেয়ে মূল ৰাউণ্ডত উপনীত নোহোৱালৈকে ফেডাৰেচনে অহা-যোৱা বা থকা-খোৱাৰ দায়িত্ব বহন নকৰে। সেয়ে তেওঁলোক কিছু অসুবিধাৰ সন্মুখীন হৈছে আৰু এই ক্ষেত্ৰত চৰকাৰৰ ওচৰ চপা হৈছে। চৰকাৰে যথাসাধ্য সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

জিচিএফচিৰ ভৱিষ্যতৰ পৰিকল্পনাত কেৱল আইডব্লিউএলেই নহয়, আইলীগৰ বাবে যোগ্যতা আহৰণো আছে বুলি ক্লাবৰ সঞ্চালক সিদ্ধাৰ্থ শংকৰ ডেকাই কয়। জিচিএফচিৰ লগতে আন উচ্চাকাংক্ষী ক্লাববোৰৰ বাবে সেয়ে ৰাজ্যিক লীগ অতি জৰুৰী বুলি ক্লাবৰ সঞ্চালক সিদ্ধাৰ্থ শংকৰ ডেকাই কয়। জিচিএফচিয়ে এআইএফএফৰ বয়স ভিত্তিক এলিট প্ৰতিযোগিতা য়ুথ লীগৰ বাবেও প্ৰস্তুতি চলাই থকা বুলি ক্লাবৰ সঞ্চালক গৰাকীয়ে জনায়৷ উল্লেখ্য যে জিচিএফচিয়ে গ্ৰাছৰুটছ উন্নয়নৰ বাবে গ্ৰেটাৰ গুৱাহাটী বেবী লীগৰ দুটা ছিজন ইতিমধ্যে সমাপ্ত কৰাৰ লগতে গুৱাহাটী ক্ৰীড়া সন্থাৰ অনুৰ্ধ ১৩ জিলা লীগ ইতিমধ্যে জয় কৰিছে।