গুৱাহাটী : ৰাজ্যৰ ৯ শতাধিক ক্ৰীড়াবিদৰ অংশগ্ৰহণেৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকচ্ ষ্টেডিয়ামত উখল-মাখল পৰিৱেশৰ মাজেৰে শুভাৰম্ভ হ’ল ৪৩ সংখ্যক আন্তঃজিলা জুনিয়ৰ-ছিনিয়ৰ এথলেটিকচ্ প্ৰতিযোগিতা। ক্ৰীড়ামন্ত্ৰী বিমল বৰাই উদ্বোধন কৰা এথলেটিকচ্ প্ৰতিযোগিতাখন প্ৰথম দিনটোত পুৱা পুৰুষৰ ১০০০০ মিটাৰ ইভেন্টেৰে আৰম্ভ হয়।

প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ক্ৰীড়ামন্ত্ৰী বিমল বৰাই খেলুৱৈক উদ্দেশ্যি কয় “অসমৰ ক্ৰীড়াই এতিয়া বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত জাকত-জিলিকা ৰূপত নাম খোদিত কৰিবলৈ সক্ষম হৈছে। কোনোবাই জিকিব আৰু কোনোবাই হাৰিব, কিন্তু আমি ভাগৰি পৰিলে নহ’ব, মেডেল নহয়, আমি গুৰুত্ব দিব লাগিব প্ৰদৰ্শনত”। অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত আৰু অসম ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত আয়োজিত এই প্ৰতিযোগিতাখনৰ আদৰণি ভাষন প্ৰদান কৰে অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে।

এথলেটিকচ্ প্ৰশিক্ষক নিপন দাসে আঁত ধৰা প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানত অতিথিৰ আসন অলংকৃত কৰে ৰাজহ মন্ত্ৰী যোগেন মোহন, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, ক্ৰীড়া বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী, অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ, অসম এথলেটিকচ্ সন্থাৰ সম্পাদক অশোক ভৰালী, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় এথলীট তৈবুননিছাৰ লগতে অসম অলিম্পিক সন্থাৰ কেইবাগৰাকীও বিষয়-ববীয়াই।