মুকালমুৱা, ২৩ জুনঃ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত শনিৰোডত এজন লোকে ষাঠি উৰ্দ্ধৰ এগৰাকী মহিলাক নিজ ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰখাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য অনুহৰি, শনিৰোডৰ নিবাসী বিল্লালুৰ ৰহমান নামৰ লোকজনে তেওঁৰ জীয়েকৰ অপহৰণৰ লগত জড়িত থকাৰ সন্দেহত মহিলা গৰাকীক ঘৰৰ সন্মুখৰ ৰাজপথৰ পৰা তুলি আনি নিজ ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখে৷ উল্লেখযোগ্য যে, বিল্লালুৰ ৰহমানৰ জীয়েক বিগত এবছৰ ধৰি সন্ধানহীন হৈ আছে৷ ষাঠি উৰ্দ্ধৰ মহিলাগৰাকীয়ে নিজ জোৱায়েকৰ সৈতে ছোৱালীজনীৰ অপহৰণৰ কৰি মহাৰাষ্ট্ৰত বিক্ৰী কৰাৰ সন্দেহ কৰি বৰপেটাৰ গেলাবিলৰ পৰা বিল্লালুৰে মহিলাগৰাকীক উঠাই আনে৷  আনহাতে মহিলা গৰাকীয়ে অপহৰণৰ লগত জড়িত থকাৰ কথা অস্বীকাৰ কৰে৷ বৰ্তমানলৈ বিল্লালুৰৰ ঘৰত আৰক্ষীৰ দল উপস্থিত হোৱা নাই৷ আৰক্ষীৰ তদন্তৰ শেষতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব৷