অনলাইন ডেস্ক সংবাদ ৩৬৫, ২২ জুনঃ এনডিএৰ ৰামনাথ কোবিন্দৰ বিপৰীতে ইউপিএৰ মিৰা কুমাৰ। দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰূপে এনডিএৰ ফালৰ পৰা ৰামনাথ কোবিন্দৰ নাম ঘোষণা কৰাৰ পিছতেই ইউপিএ ফালৰ পৰা পূৰ্বৰ লোকসভা অধ্যক্ষ মীৰা কুমাৰৰ নাম ঘোষণা কৰা হয়। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী নিৰ্বাচনৰ বাবে সংসদ ভৱনত হোৱা বিৰোধী দলৰ বৈঠকত মিৰা কুমাৰৰ নাম ঠিৰাং কৰা হয়। বৈঠকত ১৭ টা বিৰোধী দলে অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ ফালৰ পৰা ছোনিয়া গান্ধী, মনমোহন সিং,  আহমেদ পেটেল, গোলাম নবী আজাদ, এ কে এণ্টনী, মল্লিকাৰ্জুন ৰ্খগে, বিএছপিৰ ফালৰ পৰা সতীশ মিশ্ৰা, টিএমচিৰ ফালৰ পৰা দেৰেক ও ব্ৰায়ান, সমাজবাদী পাৰ্টিৰ ফালৰ পৰা ৰামগোপাল যাদৱ, নৰেশ আগৰৱালা, আৰএলদিৰ ফালৰ পৰা অজিত সিং, নেচনেল কনফাৰেঞ্চৰ ফালৰ পৰা ওমৰ আব্দুল্লা, এনচিপিৰ ফালৰ পৰা শৰদ পাৱাৰ, প্ৰফুল্ল পেটেল, তাৰিক আনোৱাৰ, চিপিএমৰ ফালৰ পৰা সীতাৰাম য়েচুৰী, চিপিআইৰ ফালৰ পৰা ডি ৰাজ আৰু আৰজেডিৰ ফালৰ পৰা লালু প্ৰসাদ যাদৱ বৈঠকত উপস্থিত আছিল। ৰামনাথ কোবিন্দ আৰু মীৰা কুমাৰ দুয়োগৰাকী প্ৰাৰ্থী শিক্ষাৰ ফালৰ পৰা যথেষ্ট সক্ষম। লোকসভা অধ্যক্ষ হিচাপে মীৰা কুমাৰৰ সফলতা সৰ্বজনবিদিত। মিৰা কুমাৰ পূৰ্বৰ উপ-প্ৰধানমন্ত্ৰী জগজীৱন ৰামৰ কন্যা আৰু তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউচৰ নিচিনা প্ৰতিষ্ঠিত মহাবিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিছে। মীৰা কুমাৰে ১৯৭০ চনত ভাৰতীয় বিদেশ সেৱাৰ বাবে নিৰ্বাচিত হৈছিল। আনহাতে ৰামনাথ কোবিন্দ বৰ্তমান বিহাৰৰ ৰাজ্যপাল।। তেওঁ উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ত ১৬ বছৰ উকালতি কৰাৰ লগতে ১৯৯৮ পৰা ২০০২ চনলৈ বিজেপিৰ দলিত মৰ্চাৰ সভাপতি আছিল।