কোকৰাঝাৰ, ২২ জুনঃ বিটিচিত কৰ্মৰত পশু চিকিৎসকসকলে অধিক সক্ৰিয়তাৰে ৰাইজক সেৱা আগবঢ়াব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিটিচিৰ জিলা আৰু মহকুমা পৰ্য্যায়ৰ দহগৰাকী পশু চিকিৎসকলৈ দহখন মটৰ চাইকেল বিতৰণ কৰা হয়৷ কোকৰাঝাৰ চহৰৰ তিতাগুৰিস্থিত পশু চিকিৎসা আৰু পালন বিভাগৰ সঞ্চালকৰ কাৰ্য্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত মটৰ চাইকেলসমূহ বিতৰণ কৰা হয়৷ বিটিচিৰ পশু চিকিৎসা আৰু পালন বিভাগৰ মূৰব্বী ডাঃ দিলীপ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোত বিভাগীয় কাৰ্য্যবাহী সদস্য শ্যাম চুণ্ডীয়ে মটৰ চাইকেলসমূহ বিতৰণ কৰে৷ কাৰ্য্যবাহী সদস্য গৰাকীয়ে পৰৱৰ্তী সময়ত আন পশু চিকিৎসকসকলকো এনে ধৰণৰ মটৰ চাইকেল প্ৰদান কৰা হ’ব বুলি জানিব দিয়ে৷ তেওঁ পশু চিকিৎসা সেৱাৰ ক্ষেত্ৰত চিকিৎসক সকলক নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায়৷