গৰৈমাৰী, ২৩ জুনঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীত এগৰাকী নৱবিবাহিতা বোৱাৰীৰ কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোঁকৰ পৰিবেশ সৃষ্টি কৰিছে৷ গৰৈমাৰী বজাৰৰ গাতে লাগি থকা এটা পুখুৰীত এগৰাকী নৱবিবাহিতা বোৱাৰীৰ সলিল সমাধি ঘটে৷ নিহত মহিলাগৰাকী শুকুৰ আলীৰ পত্নী মমতাজ বেগম (২২)৷ মমতাজে ঈদৰ উপলক্ষে ঘৰৰ জাৱৰ-জোঁথৰ চাফা কৰি বাচন ধুবলৈ যাওঁতে পুখুৰীত পিচলি পৰি কৰুণ মৃত্যুক সাঁৱতি লয়৷ স্থানীয় লোকে  গৰৈমাৰী আৰক্ষীৰ সহযোগত বোৱাৰী গৰাকীৰ মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰে৷ আৰক্ষীয়ে নিহত মহিলাগৰাকীৰ মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে৷