আজিজ আলী

নলবাৰী : নেৰানেপেৰা বৰষুণৰ ফলত নলবাৰীত কৃত্ৰিম বানপানী। জিলখনৰ গ্ৰামঞ্চল সমূহ নৈৰ পানীত বুৰা যোৱাৰ সমান্তৰালে নলবাৰী চহৰৰ বিভিন্ন প্ৰান্ত ডুব গৈছে কৃত্ৰিম বানপানীত। কৃত্ৰিম বানপানীৰ ফলত দুৰ্ভোগ ভুগিছে নলবাৰী চহৰবাসী ৰাইজ। ক্ষোভিত ৰাইজৰ চৰকাৰক তীব্ৰ সমালোচনা।

বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বছৰৰ প্ৰথমটো বানপানীত ডুব গৈছে ৰাজ্যৰ সাতখনকৈ জিলা। হোজাই, কাছাৰ, বিশ্বনাথ, ধেমাজি জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বাঢ়নী পানীৰ তলত। ইফালে বৰষুণৰ লগতে ভূমিস্খলনে বিধ্বস্ত কৰি পেলাইছে ডিমা হাছাও জিলা। এগৰাকী শিশুসহ তিনিজনকৈ লোকৰ মৃত্যু হৈছে ডিমা হাছাও জিলাত।

নলবাৰী জিলাৰো বিভিন্ন অঞ্চলত বছৰৰ প্ৰথমটো বানপানীয়ে বুৰাই পেলাইছে। নলবাৰী জিলাৰ কেইবাখনো গাঁও এতিয়া বায়নী পানীৰ তলত। নেৰানেপেৰা বৰষুণৰ ফলত নলবাৰী চহৰখনো কৃত্ৰিম বানপানীত ডুব গৈছে। কৃত্ৰিম বানপানীৰ ফলত নলবাৰী চহৰত যান বাহন চলাচল ব্যাহত হোৱা পৰিলক্ষিত হৈছে।

কৃত্ৰিম বানপানীৰ ফলত চহৰখনৰ বিভিন্ন প্ৰান্তৰ নলা-নৰ্দমা সমূহৰ পৰা ওলাই অহা গেলা-পচা সামগ্ৰীৰ মাজৰে ৰাইজ এঠাইৰ পৰা আন এঠাইলৈ যাব লগীয়া হৈছে। কৃত্ৰিম বানপানীৰ ফলত সমস্যাৰ সন্মুখীন হোৱা একাংশ ক্ষোভিত ৰাইজে চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। এজাক বৰষুণতে নলবাৰী চহৰখন জলমগ্ন হৈ পৰে বুলিও ক্ষোভ উজেৰে ৰাইজে।

যমৰ যাতনা ভুগি থকা নলবাৰী চহৰবাসী ৰাইজে কৃত্ৰিম বানপানীৰ স্থায়ী সমাধান বিচাৰি চৰকাৰক আহ্বানো জনাইছে। উল্লেখ্য যে পৌৰ সভা নিৰ্বাচনৰ সময়ত প্ৰাৰ্থী সকল নলবাৰী চহৰখন কৃত্ৰিম বানপানী মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। এতিয়া কৃত্ৰিম বানপানী ৰোধৰ ক্ষেত্ৰত নলবাৰী পৌৰ সভাই কি পদক্ষেপ গ্ৰহণ কৰে পৰৱৰ্তী সময়ত ইয়াৰ ওপৰতে সকলোৰে দৃষ্টি থাকিব।