গুৱাহাটী : এলজি ইলেকট্ৰ’নিক্সৰ ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি। গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ’নিক্সৰ। ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এলজি ইলেকট্র’নিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি কৰে।

উত্তৰ-পূবৰ বজাৰলৈ দ্ৰুত আৰু মানৰ সেৱা আগবঢ়োৱাৰ আশ্বাসেৰে এলজি ইলেক্ট্ৰ’নিক্সে ভাৰতত ইয়াৰ ৪৯ তম পোনপটীয়া সেৱা কেন্দ্ৰ মুকলি কৰে। অনুষ্ঠানটোত মন্তব্য কৰি ইণ্ডিয়া-১ৰ ছাৰ্ভিচ হেড অশোক চুঘেই কয় ‘আমাৰ সকলো কার্যকলাপৰ মূলত থকা গ্ৰাহকসকলৰ সৈতে আমি আমাৰ সামগ্ৰী আৰু সেৱাৰ জৰিয়তে তেওঁলোকক সর্বোচ্চ স্তৰৰ সুবিধা আৰু আৰাম প্ৰদান কৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ।

ভাৰতৰ উত্তৰ-পূব এলজিৰ বাবে এক অতি গুৰুত্বপূৰ্ণ বজাৰ আৰু আমি অঞ্চলটোত আমাৰ প্ৰথম পোনপটীয়া সেৱাকেন্দ্ৰ মুকলি কৰি সুখী। বিগত বছৰবোৰত আমাৰ গ্ৰাহকসকলে এলজিৰ দ্বাৰা প্ৰদান কৰা পৃথক সেৱাবোৰৰ প্ৰশংসা কৰিছে আৰু এনে বিভিন্ন পদক্ষেপৰ জৰিয়তে আমাৰ সামগ্রিক উপভোক্তা অভিজ্ঞতা ক্রমান্বয়ে উন্নত কৰাৰ বাবে আমি বিনিয়োগ কৰি থাকিম।’ গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত নতুন ৪,৫০০ বর্গফুটৰ সেৱাকেন্দ্ৰটো এলজি ইলেক্ট্ৰ’নিক্সৰ গ্ৰাহক সেৱা বিভাগৰ মুৰব্বী টাই জিন চাঙে উদ্বোধন কৰে।

এই সুবিধাটোত ৫০ জনতকৈও অধিক দক্ষ অভিযন্ত্ৰা থাকিব যিয়ে উত্তৰ-পূব অঞ্চলৰ সেৱা অধিক বৃদ্ধি কৰাত সহায় কৰিব। ই অঞ্চলটোত কোম্পানীৰ সেৱা অধিক শক্তিশালী কৰিব। নতুন সুবিধাটো নতুন সেৱা অভিযন্তাসকলৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ হিচাপেও ব্যৱহাৰ কৰা হ’ব, যি স্থানীয় কৰ্মচাৰীসকলক প্রতিপালন কৰাত সহায় কৰিব। ই কেৱল কোম্পানীটোক অঞ্চলটোত ইয়াৰ সেৱা আৰু বৃদ্ধি কৰিবলৈ সক্ষম নকৰে কিন্তু ব্যক্তিসকলক দক্ষ কৰি আৰু তেওঁলোকৰ মাজত নিযুক্তিৰ সৃষ্টি কৰি সাতখন ৰাজ্যৰ সামগ্রিক বিকাশত সহায় কৰিব।