১৭ টা পথ, ১৬ খন কাঠৰ দলং ১ খন আৰ চি চি দলংৰ অনুমোদন

গড়মূৰ, ২০ মেঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত গঠিত নতুন ৰাজ্য চৰকাৰখনৰ এবছৰীয়া কাৰ্যকালত মাজুলী জিলাৰ সৰ্বাংগীন উন্নয়নৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে৷ মাজুলীবাসীৰ আশা-আকাংক্ষাক সন্মান জনাই মুখ্যমন্ত্ৰীয়ে লোৱা উদ্যোগৰ অংশ হিচাপে প্ৰতিটো বিভাগে মাজুলীৰ আন্তঃগাঁঠনিৰ দ্ৰুত উন্নয়নত অগ্ৰাধিকাৰ দিছে৷ নতুন চৰকাৰে দ্বায়িত্ব গ্ৰহণৰ পাছত বিগত বছৰটোত গড়কাপ্তানী গ্ৰাম্য পথ বিভাগে নদীদ্বীপ জিলাখনৰ পথ-যোগাযোগ ব্যৱস্থাৰ অমূল পৰিবৰ্তন সাধনৰ কাৰণে পথ নিৰ্মাণ-মেৰামতি-উন্নীতকৰণৰ কাৰণে ১৭ খন আঁচনি আৰু দলং নিৰ্মাণৰ ১৭ খন আঁচনিত অনুমোদন লাভ কৰি কাম আৰম্ভ কৰিছে৷ যোৱা এটা বছৰত মাজুলীৰ এই পথ-দলং নিৰ্মাণৰ কাৰণে অসম পথ মেৰামতি পুঁজি (এ আৰ এম এফ) ২০১৬-১৭, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যান বিভাগৰ অনুসূচীত জাতি উপ-পৰিকল্পনা (এছ চি এছ পি), কেন্দ্ৰীয় পথ পুঁজি (চি আৰ এফ) আৰু গ্ৰাম্য আন্তঃগাঁঠনি উন্নয়ন পুঁজি (আৰ আই ডি এফ) শিতানৰ পৰা পুঁজি আগবঢ়োৱা হৈছে৷ গড়কাপ্তানী গ্ৰাম্য পথ বিভাগৰ মাজুলী সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা তৰুণ হাজৰিকাই প্ৰকাশ কৰা মতে, চলিত বৰ্ষত মাজুলীৰ বাবে এ আৰ এম এফ আঁচনিৰ অধীনত অতি ভিতৰুৱা অঞ্চলত নতুনকৈ ৫ টা পথ নিৰ্মাণ, ৫ টা বিধ্বস্ত পথ আৰু ২ টা কেঁচা পথ মেৰামতিৰ লগতে বিভিন্ন গড়কাপ্তানী পথত ১৬ খন কাঠৰ দলং নিৰ্মাণৰ কাৰণে ২৪.৮৬ কোটি টকাৰ আৱন্টন দিছে৷ ইয়াৰে দুৰ্গম এলেকাৰ নতুন পথ কেইটা হৈছে, বেঙেনা আটি-কাকতিবাৰী পথ, বালিগাঁও চাৰিআলিৰ পৰা হাতীমূৰীয়া মিছিংগাঁও হৈ নভঙা পথ, ২ নং কহালগাঁৱৰ পৰা নাওশালি হৈ দক্ষিণপাট পথ, ৰাওনাপাৰাৰ পৰা কৰৈয়নীআটি গাওঁ হৈ চুমৈমাৰী পথ আৰু পটিয়া গাঁও পথ৷ মেৰামতিৰ কাম চলি থকা বিধ্বস্ত পথ কেইটা হৈছে, ধাপাক গাঁও পথ, ভেকুলীমাৰী পথ, বালি চাপৰি, ফুলনিৰ পৰা শিলিখামাৰী পথ আৰু বৰবাৰীৰ পৰা চিতাদাৰচুক পথ৷ তদুপৰি ম’হকিনা পথ আৰু উজিৰাআটি কৰৈগুৰিৰ (দক্ষিণ আঁহতগুৰি) বিধ্বস্ত কেঁচা পথ কেইটা মেৰামতিৰ কাৰণেও পুঁজিৰ আৱন্টন দিয়া হৈছে৷ আনহাতে এছ চি এছ পি শিতানত আৱন্টিত পুঁজিৰে ছামগুৰিৰ পৰা বনিয়াগাঁও হৈ বালি পথাৰ সংযোগী পথ নিৰ্মাণৰ কাম সম্প্ৰতি চলি আছে৷ কেন্দ্ৰীয় পথ পুঁজিৰ পৰা লাভ কৰা ৫৪.৪৮ কোটি টকাৰে কমলাবাৰীৰ পৰা বনগাঁও সংযোগী ১৮.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাজুলী পথটো বৰ্তমান ৬ মিটাৰৰ পৰিবৰ্তে ৯ মিটাৰ বহলকৈ নিৰ্মাণৰ লগতে জেংৰাইমুখ হালধিবাৰী গড়কাপ্তানী পথটোৰ ১৬.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশ দুই লেন পথলৈ উন্নীতকৰণ আৰু ইয়াৰে কেঁচা পথছোৱা পকীকৰণৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈ বিভাগটোৱে পদক্ষেপ হাতত লৈছে৷ সহকাৰী কাৰ্যবাহী অভিযন্তাজনে লগতে জানিবলৈ দিয়ে যে, পথ-দলং নিৰ্মাণৰ কাৰণে ইতিমধ্যে ঠিকাদাৰসকলক বিধিগত ভাবে দ্বায়িত্ব ন্যস্ত কৰা হৈছে৷ আৰ চি চি দলং সহ ২.৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ গড়মূৰ-জালুকবাৰী পথ, ২.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ কেৰেলা গাঁও পথ আৰু ১.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভোগপুৰ সত্ৰৰ পথ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ মাজুলীত গ্ৰাম্য পথ যোগাযোগ আন্তঃগাঁঠনি বিকশিত কৰাৰ বাবে বিভাগটোৱে প্ৰধানমন্ত্ৰীৰ গ্ৰাম্য চৰক যোজনাৰ অধীনত পথ মুঠ ১৩৯.৪২ কিলোমিটাৰ দৈৰ্ঘ্য সামৰা ৪২ টা পথ আৰু ৯ খন আৰ চি চি দলং নিৰ্মাণৰ কাৰণেও অনুমোদন বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে৷ এই প্ৰস্তাৱসমূহৰ ভিতৰৰে ১৫ টা পথৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে৷