গৰমৰ দিনত প্রচণ্ড তাপ, ঘাম, ধূলিত ছালখন শুকান হৈ ক’লা পৰি যায়। য’ত যি পায় লগাই ছালখন আকৌ আগৰ অৱস্থালৈ নিবলৈ যৎপৰোনাস্তি চেষ্টা চলায়ো বিফল হোৱা হয়। ছালখনৰ অৱস্থা ভাল হোৱাতকৈ অধিক বেয়াহে হয়। গৰমৰ দিনত ছালখন সুস্থ, সৱল ৰাখিবলৈ সঠিক যত্ন লোৱাটো অতি প্ৰয়োজনীয়৷ ইয়াৰ কাৰণে আমি মাথো কেইটামান কথা মনত ৰাখিব লাগিব। ছাল আৰু স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্ৰত সূৰ্যৰ ৰশ্মি বহুত উপযোগী।

  • ছালৰ স্বাস্থ্যৰ মান বেয়া হ’লেহে ছাল ৰ’দত নষ্ট হয় বা ক’লা পৰে। সেয়ে ছালখন ভালকৈ ৰাখিবলৈ সু-খাদ্য, পুষ্টিদায়ক খাদ্য অতি প্ৰয়োজনীয়। গৰমত শাক-পাচলি, ফলমূল বেছিকৈ খাব লাগে। মাছ-মাংস, কণী, ভজা, মচলাযুক্ত খাদ্য যিমান পাৰে কমকৈ খাব। চাহ-কফি, মাদক দ্রব্য, ধঁপাত পৰিহাৰ কৰিব। পানী, পনীয়া গাখীৰ, ফলৰ ৰস, চুপ আদি খাব লাগে। ছালৰ পুষ্টি আৰু আৰ্দ্ৰতা ঠিক থাকিলে ৰ’দে নোপোৰে।
  • গা ধোৱাৰ সময়ত পানীখিনিত দুই চামুচ গোলাপ জল, দুই চামুচ ছিগনেচাৰ টনিক মিহলাই ল’ব। গ্লিচাৰিনযুক্ত চাবোনেৰে গা ঘঁহি, এই পানীৰে ধুব। গামোচাৰে পানী টুকিব। লা মইষ্টৰিছ মুখৰ পৰা ভৰিলৈ লগাব। অলপ ঘাম ওলাব পাৰে। ওলালে মচি দিব। তাৰ ওপৰত টেলিকম পাউডাৰ লগাব। সূৰ্যৰ ৰশ্মিত খাদ্যপ্ৰাণ ‘ঘ’ থাকে, ই শৰীৰৰ বাবে অতি প্রয়োজনীয়।
  • কাজল চকুৰ কাৰণে উপযোগী৷ কাজল লগালে চকুৰ ৰশ্মি ৰ’দত বেয়া নহয়। চকুৰ ৰোগ নহয়, জুলা-পোৰা নকৰে। কাজল ঘৰতে তৈয়াৰী কৰিব পাৰে, মিঠাতেল, কপূৰে (প্রাকৃতিক শিপা) কাজল তৈয়াৰ কৰি চকুত লগালে ভাল৷ আগতে আমি সৰু থাকোতে মা-আইতাই ঘৰতে কাজল তৈয়াৰ কৰি চকুত লগাইছিল৷
  • মুখত পাতলকৈ ফাউণ্ডেচন লগাব পাৰে। ফাউণ্ডেচনত গ্লিচাৰিন পানী আৰু প্রকৃতিক মাটি থাকে, গতিকে হানিকাৰক নহয়। ৰ’দৰ ৰশ্মিৰ বাবে ৰক্ত সঞ্চালন ভাল হয়, গতিকে ৰ’দ বেয়া নহয়।
  • সকলোৱে ক’লেও ছান স্ত্রীন লোচন নলগাব। ছান স্ত্ৰীনত যথেষ্ট পৰিমাণৰ ৰাসায়নিক দ্রব্য থাকে। ফলত ছাল বেয়া হোৱাৰ সম্ভাৱনা বেছি।
  • দুপৰীয়া ১১-৩ বজালৈ বাহিৰত ওলাব লগা হ’লে ছাতি ব্যৱহাৰ কৰিব। পুৰুষে টুপী পিন্ধিব পাৰে। মহিলাসকলে আঁচল-কপাহী কাপোৰ আদিৰে মুৰ-মুখ ঢাকি ওলাব লাগে।

কিছুমান সৰু অথচ অতি গুৰুত্বপূৰ্ণ কথা৷ আমি সকলোৱে এই সন্দৰ্ভত অৱগত৷ কিন্তু এলাহ অথবা অন্যান্য কাৰণত আমি গুৰুত্ব নিদিও৷ গতিকে এই গৰমত সাৱধান, অলপ সাৱধান হওঁক আৰু ছালখনক সুস্থ সৱল কৰি ৰাখক৷