কোকৰাঝাৰ, ২৩ জুনঃ বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ সমষ্টিত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । কোকৰাঝাৰৰ বনাঞ্চলসমূহ দুষ্কৃতিকাৰীৰ কবলত পৰি উছন হোৱাৰ সমান্তৰালভাৱে বনাঞ্চলসমূহৰ মুল্যবান শাল কাঠ ট্ৰাকেৰে চোৰাং ভাৱে চালান দি আহিছে বন মাফিয়াই । সাধাৰণতে শেষ নিশা চোৰাং কাঠ সৰবৰাহকাৰীয়ে প্ৰতিদিনে মূল্যবান শালকাঠ সমূহ ট্ৰাকেৰে চোৰাংভাৱে সৰবৰাহ কৰি আহিছে যদিও বনবিভাগে নিৰৱ ভূমিকা গ্ৰহণ কৰাত ইয়াৰ আঁৰত গভীৰ ৰহস্য থকাৰ সন্দেহ ব্যক্ত কৰা হৈছে। বন বিভাগৰ ৰহস্যজনক ভূমিকাৰ সুযোগ লৈ চোৰাং কাঠ সৰবৰাহকাৰীয়ে পুৱতি নিশা কোকৰাঝাৰ সদৰ চহৰৰ মাজেৰে চোৰাং কাঠ সৰবৰাহ কৰোতেই শ্যামগাঁওৰ ইকো টাস্ক ফৰ্চৰ সন্মুখতে চোৰাং কাঠ ভৰ্তি ট্ৰাকখন চকা ফুটি বাগৰি পৰে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে চোৰাং কাঠ সৰবৰাহকাৰীসকল পলায়ন কৰে। পুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এএছ২৫ এ ৭০৭৫ নম্বৰৰ চোৰাং কাঠ ভৰ্তি ট্ৰাক খন জব্দ কৰি বনবিভাগক চমজাই দিয়ে । বনবিভাগে উক্ত চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৫ লক্ষাধিক হ ‘ব বুলি জানিবলৈ দিয়ে।