গুৱাহাটী, ৫ জানুৱাৰী, ২০২৬ : প্ৰথম সংস্কৰণৰ উল্লেখনীয় সফলতাৰ পিছত এছীয় চিনেমাৰ এক নতুন সম্ভাৰেৰে উত্তৰ-পূৰ্বাঞ্চলৰ (North-Eastern) সাংস্কৃতিক মানচিত্ৰ পুনৰবাৰ উজলাই তুলিবলৈ সাজু হৈছে গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱ (জি এ এফ এফ)। আয়োজকসকলে সোমবাৰে গুৱাহাটীত আয়োজিত এক সংবাদমেলত মহোৎসৱৰ বহু প্ৰতীক্ষিত দ্বিতীয় সংস্কৰণৰ ছবিসমূহৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। অহা ২২ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত এছীয় চিনেমাৰ এক মেটমৰা সম্ভাৰ প্ৰদৰ্শিত হ’ব।

ট্ৰেণ্ডিং নাও মিডিয়াৰ উদ্যোগত আয়োজিত আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে (এন এফ ডি চি) সহযোগত আয়োজিত এই মহোৎসৱৰ উদ্বোধনী চিনেমা হিচাপে প্ৰদৰ্শিত হ’ব শ্বোকিৰ খোলিকভৰ দ্বাৰা পৰিচালিত বহু সমাদৃত উজবেকিস্তানী চলচ্চিত্ৰ ‘চানডে’। অন্যহাতে, আলৰেজা ঘাচেমী আৰু ৰাহা আমিৰফজলীৰ যুটীয়া পৰিচালনাৰে নিৰ্মিত ইৰানী ছবি ‘ইন দ্য লেণ্ড অৱ ব্ৰাডাৰ্ছ’ৰ প্ৰদৰ্শনীৰে এই বৰ্ণিল মহোৎসৱৰ সামৰণি পৰিব। ইফালে, এইবাৰৰ সংস্কৰণৰ মৰ্যাদা দুগুণ বৃদ্ধি কৰিবলৈ উপস্থিত থাকিব কিংবদন্তি ভাৰতীয় চলচ্চিত্ৰ পৰিচালক গিৰীশ কাছাৰাৱল্লী, যিয়ে মহোৎসৱৰ মুখ্য অতিথি হিচাপে আসন অলংকৃত কৰিব। সামৰণি অনুষ্ঠানৰ বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বলীউড আৰু মাৰাঠী চলচ্চিত্ৰ অভিনেত্ৰী সোণালী কুলকাৰ্ণী।

এছীয়াৰ বৈচিত্ৰ্যময় চিনেমা সংস্কৃতিক প্ৰদৰ্শনৰ বাবে উৎসৰ্গিত এই মহোৎসৱে আন্তৰ্জাতিক পৰ্যায়ত এছীয় চিনেমাৰ গুণমুগ্ধসকলৰ বাবে এক শক্তিশালী সাংস্কৃতিক মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই মহোৎসৱে চলচ্চিত্ৰ নিৰ্মাতা, সমালোচক, গৱেষক আৰু দৰ্শকক একেখন মঞ্চলৈ অনাৰ লগতে চিনেমাৰ মাধ্যমেৰে এক আন্তঃসাংস্কৃতিক সংযোগ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে। ২০২৫ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত মহোৎসৱৰ প্ৰথমটো সংস্কৰণত কেইবাখনো এছীয় দেশৰ সক্ৰিয় অংশগ্ৰহণ দেখা পোৱা গৈছিল। চিনেমাৰ অনুৰাগীসকলে বিভিন্ন এছীয় চিনেমাৰ সোৱাদ লোৱাৰ লগতে চলচ্চিত্ৰ নিৰ্মাতা আৰু সমালোচকসকলৰ সৈতে তথ্যসমৃদ্ধ আলোচনা তথা মত বিনিময়ৰ এক বিৰল সুযোগ লাভ কৰিছিল।

এই উপলক্ষে গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱৰ মহোৎসৱ সঞ্চালিকা (অবৈতনিক) মনিতা বৰগোহাঁইয়ে কয়, “প্ৰথম সংস্কৰণত চলচ্চিত্ৰ প্ৰেমীসকলৰ পৰা লাভ কৰা অপৰিসীম মৰম আৰু সঁহাৰিয়ে আমাক দ্বিতীয় সংস্কৰণটো অধিক বিস্তৃত ৰূপত পৰিকল্পনা কৰিবলৈ অনুপ্ৰাণিত কৰিছে। এইবাৰৰ চলচ্চিত্ৰ সমাৰোহ অধিক বিস্তৃত ৰূপত এছীয় চিনেমাৰ চহকী বৈচিত্ৰ্যক উদযাপন কৰাৰ লগতে অঞ্চলটোৰ বাহিৰৰ বহুসংখ্যক চলচ্চিত্ৰ নিৰ্মাতাই অংশগ্ৰহণ কৰিব। আমি ২০০ খনতকৈও অধিক ছবিৰ আবেদন লাভ কৰিছোঁ, যাৰ ভিতৰত ৯০খন ছবি ভাৰতৰ বাহিৰৰ পৰআ প্ৰেৰণ কৰা হৈছে।”

গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱৰ এই দ্বিতীয় সংস্কৰণত ভিয়েটনাম, মঙ্গোলিয়া, উজবেকিস্তান, দক্ষিণ কোৰিয়া, হংকং, জাপান, ম্যানমাৰ, ইৰাণ, কাজাখাস্তান আৰু চীনকে ধৰি ১০খন এচীয় দেশৰ চলচ্চিত্ৰ প্ৰদৰ্শিত হ’ব। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই নিৰ্বাচনসমূহৰ সমান্তৰালভাৱে মহোৎসৱত সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ চিনেমাও প্ৰদৰ্শন কৰা হ’ব। উল্লেখযোগ্য যে, মাৰাঠী, বজ্জিকা, মালয়ালম, হিন্দী, টুলু, নেপালী আদিৰ লগতে অসমীয়া, কাৰ্বি, বড়ো, মিচিং, মণিপুৰী আৰু বাংলা আদি বিভিন্ন ভাষাৰ ছবিৰ প্ৰদৰ্শনীয়ে দেশৰ লগতে উত্তৰ পূৱ ভাৰতৰ অনন্য ভাষিক বৈচিত্ৰ্যক বিশেষভাৱে প্ৰতিফলিত কৰিব।

চাৰিদিনীয়া এই কাৰ্যসূচীত মুঠ ২৬খন ছবি প্ৰদৰ্শন কৰা হ’ব, য’ত আঠখন চলচ্চিত্ৰ ছবি প্ৰতিযোগিতামূলক শাখাত প্ৰদৰ্শিত হ’ব। চিনেমা প্ৰদৰ্শনৰ উপৰিও ভাৰত আৰু এছীয়াৰ অন্যান্য দেশৰ চলচ্চিত্ৰ নিৰ্মাতা, সমালোচক তথা বিশেষজ্ঞসকলৰ নেতৃত্বত মাষ্টাৰক্লাছ, পেনেল আলোচনা আৰু অন্তৰংগ আলোচনাও আয়োজন কৰা হৈছে। দেশৰ পূৱ প্ৰান্তৰ একমাত্ৰ এছীয় চলচ্চিত্ৰ মহোৎসৱ হিচাপে জি এ এফ এফ-য়ে উত্তৰ-পূৰ্বাঞ্চললৈ এছীয় চিনেমাৰ সমাহাৰ ঘটাই ভাৰতৰ সাংস্কৃতিক মানচিত্ৰত এক অনন্য স্থান দখল কৰিছে। ইয়াৰ সুনিৰ্দিষ্ট এছীয় পৰিচয় আৰু চিনেমাৰ জৰিয়তে আন্তঃদেশীয় সাংস্কৃতিক আদান-প্ৰদানৰ এক মঞ্চ গঢ়ি তোলাৰ লক্ষ্যই মহোৎসৱখনক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। লক্ষ্যণীয়ভাৱে, এই মঞ্চই কেৱল চিনেমা প্ৰদৰ্শনেই নহয়, বৰঞ্চ এছীয় দেশসমূহৰ মাজত কলা-সংস্কৃতিৰ এক যোগসূত্ৰ স্থাপনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।