গুৱাহাটী, সংবাদ ৩৬৫, ১৩ নৱেম্বৰ : ভাৰতবৰ্ষৰ ক্ৰীড়া জগতলৈ সুনাম কঢ়িয়াই আনিছে অন্য এগৰাকী খেলুৱৈয়ে। চাউথ এছিয়ান গেমছত কাৰাটে প্ৰতিযোগিতাত ৰূপৰ পদক কঢ়িয়াই আনে অসমৰ এগৰাকী জীয়ৰীয়ে ।

২১ অনুৰ্ধৰ উক্ত প্ৰতিযোগিতাখনত বাংলাদেশলৈ গৈ অসমৰ একমাত্ৰ প্ৰতিযোগী হিচাপে যোগদান কৰে গুৱাহাটী মহানগৰীৰ বেলতলাৰ নিবাসী ইশিতা কাশ্যপে।

ইশিতা কাশ্যপ মহানগৰীৰ বেলতলাৰ নিবাসী নীল তালুকদাৰৰ কন্যা।

মঙলবাৰৰ সন্ধিয়া ইশিতা কাশ্যপ গুৱাহাটীত উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ লগতে কাৰাটে সংস্থাই আদৰণি জনাই খেলুৱৈগৰাকীক।