গুৱাহাটী, সংবাদ৩৬৫, ১১ মাৰ্চ : সোমবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত অসম প্ৰদেশ কমিটিয়ে এখন সংবাদমেলৰ সম্বোধন কৰে। সংবাদমেলত তেওঁলোকে আগন্তুক লোকসভা নিৰ্বাচনত অকলেই অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰি কয় যে সৰ্বমুঠ ১০ খন আসনৰ ভিতৰত অসমত ৫ খন আসন পাব।

আনহাতে, তেওঁলোকৰ নিৰ্বাচনৰ ভিজন ডক’মেণ্টৰ মূল বিষয়বস্তু উত্তৰ-পূৱৰ যোগাযোগ ব্যৱস্থা,কৃষি বিভাগ,প্ৰাথমিক স্বাস্থ্য।

নাগৰিকত্ব সংশোধনী বিলৰ লগতে অসমৰ ৰাইজৰ বিৰুদ্ধে যোৱা যিকোনো বিষয়বস্তুৰ বিৰোধিতা কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অসম প্ৰদেশ কমিটিয়ে।

অসমৰ কৃষকসকলক প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে আগবঢ়াই লৈ যাব বুলিও সংবাদ মাধ্যমৰ আগত কয় অসম প্ৰদেশ কমিটিয়ে । উত্তৰ-পূৱৰ প্ৰাকৃতিক সম্পদসমূহৰ অধিকাৰো যাতে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ হাততে থাকে তাৰ প্ৰতিও তেওঁলোক অংগীকাৰবদ্ধ হয় ।