নিউজ ডেস্ক, ২৮ আগষ্ট, ২০২৫ : গুজৰাটৰ (Gujrat) আহমেদাবাদত চলি থকা কমনৱেলথ ভাৰোত্তোলন প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ স্বৰ্ণজয়ৰ গৌৰৱময় যাত্ৰা অব্যাহত আছে৷ অসমৰ দুগৰাকী ভাৰোত্তোলকে নিজৰ নিজৰ শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি দেশক সোণৰ পদক দিবলৈ সক্ষম হয়৷ ল’ৰাৰ যুৱ শাখাৰ¸ ৭১ কিলোগ্ৰামত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসম সন্তান অভিনৱ গগৈয়ে চমক সৃষ্টিৰে কমনৱেলথ ভাৰোত্তোলন প্ৰতিযোগিতাত তিনিটা নতুন অভিলেখ গঢ়ি সোণ লাভ কৰে৷ ইফালে, ল’ৰাৰ জুনিয়ৰৰ ৭১ কিলোগ্ৰাম শাখাত হেমন্ত দৈমাৰীয়েও সোণ অৰ্জন কৰিবলৈ সক্ষম হয়৷

ভাৰতীয় ভাৰোত্তোলন সন্থাই আয়োজন কৰা পুৰুষ-মহিলা উভয়ৰে যুৱ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখনত ইতিহাস গঢ়ে অভিনৱে৷ আহমেদাবাদৰ বীৰ ছাভাৰকাৰ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত প্ৰতিযোগিতাত অভিনৱে স্নেচত ১২৩ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১৫৫ কিলোগ্ৰাম ওজন উত্তোলন কৰাৰ লগতে সামগ্ৰিকভাবে ২৭৮ কিলোগ্ৰাম ওজন উত্তোলন কৰি তিনিটা নতুন অভিলেখ গঢ়ে৷ উল্লেখ্য যে আন্তৰ্জাতিক ভাৰোত্তোলনত স্নেচ, ক্লিন এণ্ড জাৰ্ক তথা সৰ্বমুঠ ওজন উত্তোলনৰ তিনিটা নতুন অভিলেখ গঢ়া অভিনৱ অসমৰ প্ৰথম খেলুৱৈ৷

আনহাতে, চৰাইদেউৰ সোণাৰিৰ প্ৰতিভাবান যুৱ ভাৰোত্তোলকজনে কেৰিয়াৰৰ প্ৰথমখন আন্তৰ্জাতিক প্ৰতিযোগিতাতে এই গৌৰৱ অৰ্জন কৰি ৩৩ খন দেশে অংশ লোৱা চলিত কমনৱেলথ ভাৰোত্তোলন প্ৰতিযোগিতাতো এই সফলতা লাভ কৰা প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগনিত হৈছে৷ ইফালে, অভিনৱৰ এই সফলতাৰ সময়তে সমান্তৰালকৈ চলি থকা ল’ৰাৰ জুনিয়ৰৰ ৭১ কিলোগ্ৰাম শাখাত অসমৰ হেমন্ত দৈমাৰীয়ে সোণ অৰ্জন কৰিবলৈ সক্ষম হয়৷ তেওঁ স্নেচত ১১৮ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১৪৬ কিলোগ্ৰাম ওজনসহ সামগ্ৰিকভাবে ২৬৪ কিলোগ্ৰাম ওজন উত্তোলন কৰে৷ উল্লেখ্য যে এয়া প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ চতুৰ্থটো স্বৰ্ণ জয়ৰ সফলতা৷

ইয়াৰপূৰ্বে অসমৰ ধৰ্মজ্যোতি দেউঘৰিয়াই ল’ৰাৰ যুৱ শাখাৰ ৫৬ কিলোগ্ৰামত কমনৱেলথৰ নতুন অভিলেখ গঢ়ি সোণ লাভ কৰাৰ বিপৰীতে ছোৱালীৰ যুৱ শাখাৰ ৫৮ কিলোগ্ৰাম শাখাত ভাৱনা গগৈয়ে সোণ অৰ্জন কৰিছিল৷ অসমৰ দুই ভাৰোত্তোলকৰ গৌৰৱময় সাফল্যৰ বাবে খেলুৱৈদুগৰাকীক শুভেচ্চা জনাইছে অসম ভাৰোত্তোলন সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ ‘অসমৰ নতুন ভাৰোত্তোলকৰ এই সফলতা স্বৰূপাৰ্থত ৰাজ্যৰ ক্ৰীড়া উত্তৰণৰ ছবিখন প্ৰতিফলিত কৰিছে৷ অসমৰ যুৱ চামে এতিয়া খেলৰ জড়িয়তে কেৰিয়াৰ গঢ়াৰ লগতে বিশ্বজয়ৰ সপোনো বাস্তৱ কৰিছে৷’ সোণোৱালে কয়৷

উল্লেখ্য যে অহা ৩০ আগষ্টলৈ অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনত ভাৰতীয় দলৰ হৈ অসমৰ পাঁচগৰাকী ভাৰোত্তোলকে খেলিছে৷ অসম সন্তান বেদব্ৰত ভাড়লীয়ে কাইলৈ ৰাজ্যৰ অন্তিমগৰাকী ভাৰোত্তোলক হিচাপে জুনিয়ৰৰ ৭৯ কিলোগ্ৰাম শাখাত প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিব৷ বেদব্ৰতৰো সোণ জয় নিশ্চিত বুলি আশাব্যক্ত কৰিছে অসম ভাৰোত্তোলন সন্থাৰ চি ই অ’ ভৱজ্যোতি গোস্বামীয়ে৷