গুৱাহাটী, ২০ ছেপ্টেম্বৰ, ২০২৫ : চলিত ৬৪ সংখ্যক ১৭ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ জুনিয়ৰ আন্তৰ্জাতিক স্কুল ফুটবল (Football) প্ৰতিযোগিতা সুব্ৰত কাপৰ শুকুৰবাৰে অনুষ্ঠিত এখন খেলত অসমক প্ৰতিনিধিত্ব কৰা গোলাঘাটৰ নুমলীগড় হাইস্কুলে ১৯-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে তেলেংগনাক৷ ভাৰতীয় বায়ু সেনাই আয়োজন কৰা তথা নতুন দিল্লীত চলি থকা প্ৰতিযোগিতাখনৰ এয়া আছিল অসমৰ অন্তিম গ্ৰুপ মেচ৷ চাৰিখন মেচৰ তিনিখনত জয় তথা এখন ড্ৰ খেলি গ্ৰুপত অপৰাজেয় হৈ থাকিল অসমৰ দলটো৷
পিণ্টো পাৰ্ক ফুটবল গ্ৰাউণ্ডত অনুষ্ঠিত একপক্ষীয় মেচখনত নুমলীগড় হাইস্কুল দলৰ হৈ পাৰ্থ ডেকাই সাতটা গ’ল কৰে৷ আনহাতে, প্ৰবিত্ৰ নাথে চাৰিটা, আকাশ লোহাৰে তিনিটা আৰু মনীষ, কামেমলাল তথা বিস্ময় দলে এটাকৈ গ’ল দিয়ে৷ দুটা গ’ল আত্মঘাটি হয়৷ উল্লেখ্য যে অসমে সৰ্বাধিক পইণ্ট তথা গ’লৰ গড় হিচাপত গ্ৰুপৰ শীৰ্ষ স্থান লাভ কৰিছে৷ প্ৰতিযোগিতাৰ নিয়ম অনুসৰি গ্ৰুপৰ শীৰ্ষ দলটো কোৱাৰ্টাৰ ফাইনেললৈ উত্তৰণ কৰিব৷
কিন্তু অসমৰ আশাত চেচাপানী ঢলি দিব পাৰে আৰ্মী বয়জ স্কুলে৷ শনিবাৰে দলে অন্তিম মেচখন আন্দামান-নিকোবৰৰ বিৰুদ্ধে খেলিব৷ অসমৰ লগত ড্ৰ খেলা আৰ্মী বয়জ স্কুলেও পৰবৰ্তী দুখন মেচত জয়ী হৈছে তথা তেলেংগনাক ১৮-০ গ’লত পৰাস্ত কৰিছিল৷ শনিবাৰৰ এই মেচ ড্ৰ হলেহে অসমৰ কোৱাৰ্টাৰ ফাইনেল নিশ্চিত হ’ব৷ নুমলীগড় হাইস্কুলে আন্দামান-নিকোবৰক ২-১ গ’লত পৰাস্ত কৰিছিল৷ আনহাতে, নিজৰ তৃতীয়খন গ্ৰুপ মেচত অসমে নবোদয় বিদ্যালয়ৰ বিৰুদ্ধেও জয়ী হৈছিল৷