গুৱাহাটী, ১৯ নৱেম্বৰ, ২০২৪ : চুবুৰীয়া ৰাজ্য মণিপুৰত হত্যা-হিংসা বন্ধ কৰাৰ দাবীত আজি অসম প্ৰদেশ কংগ্ৰেছে (Congress) দীঘলীপুখুৰীৰ পাৰত সন্ধিয়া ৫ বজাৰ পৰা মম জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। শ শ কংগ্ৰেছ কৰ্মীয়ে দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীসকলক আগুৱাই যোৱাত বাধা প্ৰদান কৰে আৰু তেতিয়াই কংগ্ৰেছৰ নেতা-কৰ্মীসকলে বিজেপি মূৰ্দাবাদ, নৰেন্দ্ৰ মোদী মূৰ্দাবাদ, গৃহমন্ত্ৰী অমিত শ্বাহে পদত্যাগ কৰক, মণিপুৰৰ বিজেপি চৰকাৰক বৰ্খাস্ত কৰক আদি ধ্বনি দিবলৈ আৰম্ভ কৰে।
প্ৰতিবাদস্থলীত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই কংগ্ৰেছ কৰ্মীসকলক নেতৃত্ব দিয়ে। প্ৰতিবাদকাৰী কংগ্ৰেছ নেতা-কৰ্মী সকলে দীঘলীপুখুৰীৰ পৰা হাতত মম লৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ফালে আগবাঢ়িছিল যদিও আৰক্ষীয়ে সমদলটোক আগবঢ়াত বাধা প্ৰদান কৰে। বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই কংগ্ৰেছ কৰ্মীসকলক সম্বোধন কৰি কয় যে বিজেপিয়ে জনগোষ্ঠীসমূহৰ মাজত ভেদ-ভাৱ সৃষ্টি কৰি মণিপুৰক অশান্ত কৰি তুলিছে। মণিপুৰলৈ প্ৰধানমন্ত্ৰী কিয় নাহে বুলি প্ৰশ্ন কৰি দেৱব্ৰত শইকীয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰত হৈ থকা হত্যা-হিংসাক গুৰুত্ব দিব নোখোজাতো দেশৰ সংবিধান বিৰোধী কথা। মণিপুৰত নাৰী আৰু শিশুৰ অধিকাৰ সম্পূৰ্ণৰূপে খৰ্ব হৈছে। মানৱ অধিকাৰৰ বধ্যভূমিত পৰিণত হৈ পৰিছে মণিপুৰ। প্ৰধানমন্ত্ৰীক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে দাবী জনাই বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই।
প্ৰতিবাদস্থলীত প্ৰাক্তন সাংসদ ৰিপুণ বৰা, আব্দুল খালেকেও বিজেপিৰ অপশাসনৰ ফলতেই মণিপুৰ আজি জ্বলি আছে বুলি অভিযোগ কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি পূৰ্ণকান্ত গগৈ, ৰূপা দেউৰী, জ্যেষ্ঠ নেতা বলীন কুলী, ৰামান্না বৰুৱা, বিপুল গগৈ, দ্বীপ বায়ন, প্ৰদ্যুৎ ভূঞা প্ৰমুখ্যে কংগ্ৰেছ নেতাসকল উপস্থিত থাকে। প্ৰতিবাদী সভাখনৰ আঁত ধৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। ইফালে
মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ আম আদমি পাৰ্টীও উদ্বেগ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰ ভ্ৰমণ কৰিবলৈ আহ্বান জনায় আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ।
আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ সভাপতি গৰাকীয়ে কয়, “ডেৰ বছৰ ধৰি মণিপুৰ জ্বলি আছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে বিষয়টোত গুৰুত্ব দিয়া নাই। প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ দলৰ চৰকাৰ থকা সত্বেও মণিপুৰৰ জুই নিৰ্বাপিত কৰাৰ ক্ষেত্ৰত কোনো আন্তৰিকতা প্ৰদৰ্শন কৰা নাই। বৰ্তমান বিদেশ ভ্ৰমণত ব্যস্ত থকা প্ৰধানমন্ত্ৰী গৰাকীয়ে মণিপুৰ যে ভাৰতৰ অংগৰাজ্য এই কথা যেন অনুভৱ কৰিব পৰা নাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পূৰ্বে যদিও এবাৰ হিংসা জৰ্জৰ ৰাজ্যখন ভ্ৰমণ কৰিছিল, তাৰ পিছত কিন্তু হিংসা-সন্ত্ৰাস দমনৰ বাবে কোনো কাৰ্যকৰী পদক্ষেপ লোৱা পৰিলক্ষিত নহ’ল। বৰ্তমান ৰাজ্যখনৰ বহুকেইগৰাকী মন্ত্ৰী, বিধায়কৰ বাসগৃহ, মুখ্যমন্ত্ৰীৰ বাসগৃহতো সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰিছে। শ শ নিৰীহ লোকৰ মৃত্যু হৈছে। উগ্ৰপন্থীৰ দলে শিশু, মহিলাৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছে।”
আপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে লগতে কয় “আমি ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ দাবী কৰিছোঁ। বিগত ডেৰ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে বহুকেইখন বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰিছে। ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ অৱসানৰ পোষকতা কৰিছে। কিন্তু নিজে অষ্টলক্ষী বুলি আখ্যা দিয়া ৰাজ্যৰ অন্যতম মণিপুৰত গৃহযুদ্ধ সদৃশ পৰিস্থিতি বিৰাজ কৰা সত্বেও এই সন্দৰ্ভত কোনো বিগত ডেৰবছৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।” প্ৰেছ বিজ্ঞপ্তিত আপ, অসমৰ সভাপতি মনোজ ধানোৱাৰে কয়,”এখন দেশৰ শীৰ্ষ সাংবিধানিক দায়িত্বত থকা এজন লোকৰ বাবে এয়া চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ পৰিচায়ক। আমি শীঘ্ৰেই হিংসাত্মক পৰিস্থিতিৰ পৰা মণিপুৰক উদ্ধাৰ কৰিবলৈ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছোঁ।”