গুৱাহাটী

২১ জুলাই

অপৰিবৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি। ৰাজ্যৰ ২৪ খন জিলাৰ ২৪ লাখতকৈও অধিক লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত। চলিত বছৰত বানপানীৰ কবলত পৰি বৰ্তমানলৈকে মৃত্যু হৈছে ৮৬ গৰাকী লোকৰ। এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱান সকলে তীব্রতৰ ভাৱে চলাই আছে উদ্ধাৰ অভিযান।

কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ সমান্তৰালে ৰাজ্যত অব্যাহত আছে বানপানীৰ তাণ্ডৱ। উজনিৰ পৰা নামনিলৈকে বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৰাজ্যত। ৰাজ্যৰ ২৪ খন জিলাৰ ২,৩২৫ খনকৈ গাঁও বৰ্তমানেও বানপানীত ডুব গৈ থকাৰ ফলত উজনি-নামনিৰ ২৪ লক্ষতকৈও অধিক লোক প্ৰভাৱিত হৈছে। ৰাজ্যৰ নৈ-উপনৈ সমূহ উফন্দি উঠাত বানৰ কবলত পৰা ৰাইজ নিৰাপদ স্থানৰ সন্ধানত ঢাপলি মেলিছে ওখ স্থান সমূহলৈ। ৰাজ্যৰ বিভিন্ন স্থানত চৰকাৰে বানাক্ৰান্ত ৰাইজৰ বাবে নিৰ্মাণ কৰা ২৮০ টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে কেইবা লক্ষাধিক লোকে। চলিত বছৰত ৰাজ্যত বানপানীৰ কবলত পৰি বৰ্তমানলৈকে মৃত্যু হৈছে ৮৬ গৰাকীকৈ লোকৰ। ব্ৰহ্মপুত্ৰ নদী ডিব্ৰুগড়, নিমাটিঘাট, শোণিতপুৰ, গোৱালপাৰা আৰু ধুবুৰী জিলাত বিপদ সীমাৰ ওপৰেৰে বৈ আছে। ইফালে ধনশিৰী নৈ গোলাঘাট জিলাত, জীয়া ভৰালী শোণিতপুৰ জিলাত, কপিলী নৈ নগাঁও জিলাৰ ধৰমতুল আৰু বেকী নৈ বৰপেটা জিলাত বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

কালৰূপী বানপানীয়ে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰাত মানুহৰ সমান্তৰালে বন্যপ্ৰাণী সমূহৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পাবিতৰা অভয়াৰণ্য আৰু লাওখোৱা অভয়াৰণ্যৰ বিস্তীৰ্ণ এলেকা প্লাবিত হৈ পৰাত বন্যপ্ৰাণী সমূহে ওখ ঠাই সমূহত আশ্ৰয় লবলৈ বাধ্য হৈছে।