গুৱাহাটী, ৩ জানুৱাৰী, ২০২৫ : বৃহস্পতিবাৰে গুৱাহাটীৰ খাৰঘুলিত সংঘটিত জল বিস্ফোৰণস্থলীত শুকুৰবাৰে অসম জাতীয় পৰিষদৰ (Assam Jatiya Parishad) সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাসহ এটা প্ৰতিনিধি গোট উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আক্ৰান্ত পৰিয়ালকেইটাৰে মত-বিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। তেওঁলোকে লগতে আক্ৰান্ত পৰিয়ালকেইটাক ক্ষতি অনুপাতে সাহায্য দিবলৈ চৰকাৰ-প্ৰশাসনক দাবী জনায়।
এই সন্দৰ্ভত দলটোৰ সভাপতি আৰু সাধাৰণ সম্পাদক দুয়োগৰাকী নেতাই বৃহস্পতিবাৰৰ দুৰ্ঘটনাটো এটা স্বাভাৱিক দুৰ্ঘটনা নহয় বুলি উল্লেখ কৰি এই ঘটনাটো এক বৃহৎ দুৰ্নীতি-অনিয়মৰ পৰিণতি বুলি মত প্ৰকাশ কৰে। তেওঁলোকে কয় যে এই দুৰ্নীতিৰ শিপা দিছপুৰৰ অন্তৰ্ভাগলৈ বিস্তৃত হৈ আছে আৰু তাক শিপালৈকে চিনাক্ত কৰি সমূলে উদ্ঘাটন নকৰিলে এনে দুৰ্নীতি-অনিয়ম প্ৰতিৰোধ কৰি ৰাইজক ন্যায় দিয়াটো সম্ভৱ নহয়। সেয়েহে বৃহস্পতিবাৰৰ দুৰ্ঘটনাটো সংঘটিত কিয় হ’ল তাৰ এটা ৰহস্য উদ্ঘাটনৰ স্বাৰ্থত ন্যায়িক তদন্ত দাবী কৰি জাতীয় পৰিষদৰ সভাপতি-সাধাৰণ সম্পাদকযুটিয়ে কয় যে উক্ত তদন্তই গুৱাহাটীৰ নিৰ্মিয়মান চাৰিওটা পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে সমগ্ৰ পৰিক্ৰমাক উক্ত তদন্তৰ আওতালৈ আনিব লাগে।
জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে আচলতে মহানগৰীত পানী যোগানৰ বিষয়টো সাংবিধানিকভাৱে মহানগৰ পালিকাৰ এক্তিয়াৰৰ বিষয়। কিন্তু তৰুণ গগৈৰ দ্বিতীয়টো কাৰ্য্যকালত যেতিয়া গুৱাহাটীত চাৰিটা পানী যোগান প্ৰকল্প স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল, তেতিয়া গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। সেই সূত্ৰে মূলতঃ ডঃ শৰ্মাৰ উদ্যোগতে আইন সংশোধন কৰি পানী যোগান প্ৰকল্প স্থাপনৰ গোটেই বিষয়টো ৰাজ্য চৰকাৰৰ হাতলৈ লৈ অহা হয় আৰু ২০১১ চনত জল বোৰ্ড গঠন কৰি তাৰ দায়িত্ব জল বোৰ্ডক হস্তান্তৰ কৰা হয়। সেই সময়ত ডি পি আৰ প্ৰস্তুতৰ পৰা আৰম্ভ কৰি ঠিকা আৱন্টনলৈকে সকলো কাম হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বাধীন গুৱাহাটী উন্নয়ন বিভাগেই কৰিছিল। ২০১৬ চনৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য আছিল। তেতিয়া ডঃ শৰ্মাৰ বিভাগে ঠিকা দিয়া গেমন কোম্পানীয়ে ২০১৬ চনত কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত গেমনক দায়িত্বৰ পৰা আঁতৰাই ব্লেক লিষ্টেড কৰি অন্য প্ৰতিষ্ঠানক দায়িত্ব দিয়া হয়। কিন্তু প্ৰশ্ন হ’ল, গেমনে কিয় কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু কাৰ কি ভিতৰুৱা বুজাবুজিৰ বাবে গেমনৰ নিচিনা নামী-দাবী কোম্পানী ব্যৰ্থ হ’ল, সেইটো কিন্তু অনুসন্ধান কৰা নহ’ল।
নিৰ্মাণকাৰী প্ৰতিষ্ঠানে আঁসোৱাহপূৰ্ণভাৱে পাইপ পুতি গুৱাহাটীৰ জনসাধাৰণক কিয় আৰু কেনেকৈ বিপদৰ মুখত থিয় কৰাই গ’ল তাৰ তদন্ত হোৱাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে পূৰ্বে গুৱাহাটীৰ জয়পূৰত এনেদৰে পাইপ ফুটি স্থানীয় লোক মৃত্যু মুখত পৰা আৰু বহুকেইটা ঘৰ নষ্ট হোৱা ঘটনাৰ পাছত গুৱাহাটী উন্নয়ন বিভাগৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই পানী যোগান প্ৰকল্প নিৰ্মাণৰ নামত বৃহৎ দুৰ্নীতি হোৱাৰ কথা প্ৰকাশ কৰিছিল। গতিকে পাইপ ফুটি এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে প্ৰকৃততে দায়ী কোন, সেয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই জানে বুলি গগৈয়েসমত প্ৰকাশ কৰে। তেওঁ কয় যে লুই বাৰ্জাৰ কেলেংকাৰীক সৈতে যাৰ নাম জড়িত, তেৱেঁই আঁসোৱাহপূৰ্ণ নিৰ্মাণৰ আঁৰৰ মূল মানুহ।
দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই, “গুৱাহাটীত বৰষুণৰ পানীয়েও ৰাইজৰ জীৱন আৰু সম্পত্তি ক্ষতি কৰে আৰু খোৱাপানীয়েও মানুহৰ জীৱন আৰু সম্পত্তি ক্ষতি কৰে। কিন্তু মানুহে বিশুদ্ধ পানী খাবলৈ নাপায়। জল-দুৰ্যোগৰ অভিকেন্দ্ৰ হ’ল, ৰাজনৈতিক দুৰ্নীতি আৰু কমিচন। পানীৰ পাইপ ফাটি মানুহৰ জীৱন আৰু সম্পত্তি বিনষ্ট কৰাটো এতিয়া বাৰ্ষিক উৎসৱলৈ ৰূপান্তৰিত হৈছে।
কালিৰ ঘটনাতো বোধহয় ১০ নং ঘটনা। লুই বাৰ্জাৰ উৎকোচৰ ঘটনাটোয়েই গুৱাহাটী পানীযোগান কেলেংকাৰীৰ বুনিয়াদ । যোৱা ১৫ বছৰে গুৱাহাটী উন্নয়ন বিভাগৰ যিসকল মন্ত্ৰী আছিল, সেই সকলোকে তদন্তৰ আওতালৈ আনি গুৱাহাটীত পানী যোগানৰ নামত যি সমূহ আঁচনি লোৱা হ’ল, সেইসমূহৰ এক ন্যায়িক তদন্তৰ দাবী জনালো। কালি সংঘটিত দুৰ্যোগৰ পাইপ সমূহ হাইড্ৰলিক প্ৰেচাৰ পৰীক্ষা নকৰাকৈ ‘কমিচন’ কৰিছিল, এই সকলোবোৰৰ তদন্ত হ’ব লাগে।”
জাতীয় পৰিষদৰ নেতাদ্বয়ে লগতে কয় যে আক্ৰান্ত লোকসকলক যি পৰিমাণৰ সাহায্য দিম বুলি চৰকাৰী কৰ্তৃপক্ষই কৈছে, সেয়াঅতি সামান্য, মুঠেই পৰ্যাপ্ত নহয়। আক্ৰান্তসকলক পৰ্যাপ্ত সাহায্য আৰু পুনৰ সংস্থাপন প্ৰদান নকৰিলে এই লোকসকল নিঠৰুৱা হৈ যাব বুলি গগৈ আৰু ভূঞাই মত প্ৰকাশ কৰে।