গুৱাহাটী, ৩০ অক্টোবৰ, ২০২৪ : উপনিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া চামগুৰি (Samguri) বিধানসভা সমষ্টিত ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা হিংসাত্মক ঘটনা সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদে৷ আঞ্চলিক দলটোৰ মতে, বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত এই হিংসাত্মক ঘটনাবোৰ সংঘটিত হৈ আছে আৰু আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নাই৷

দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ দ্বাৰা স্বাক্ষৰিত স্মাৰকপত্ৰখনত দলটোৱে কয় যে অসমত বৃহৎ ৰাজনৈতিক হিংসা সংঘটিত হোৱাৰ উদাহৰণ তেনেই নগন্য৷ দেশৰ আন কিছুমান ৰাজ্যৰ দৰে অসমত নিৰ্বাচন ৰাজনৈতিক প্ৰতিদ্বন্দীৰ ওপৰত ব্যক্তিগত আক্ৰোশ বা আক্ৰমণৰ দৰে ঘটনা সাধাৰণতে সংঘটিত নহয়৷ অসমত এই পৰিৱেশ নাই৷ সেয়েহে চামগুৰিৰ ধাৰাবাহিক হিংসাত্মক ঘটনাসমূহে ৰাইজক উদ্বিগ্ন আৰু আতংকিত কৰি তুলিছে৷

ইতিপূৰ্বে ৰাজনৈতিক হিংসাৰ বলি হোৱা বিজেপি কৰ্মী বিপুল শইকীয়াৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰি জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে স্মাৰকপত্ৰখনত কয় যে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত ৰাজনৈতিক প্ৰতিদ্বন্দিতাক শত্ৰুতালৈ পৰিৱৰ্তন কৰাটোক মুঠেই সমৰ্থন কৰা হোৱা নাই, বৰং অপৰাধ হিচাপে গণ্য কৰা হৈছে৷ কিঅথচ বিজেপিৰ বিগত আঠ বছৰীয়া শাসনত অসমত ৰাজনৈতিক প্ৰতিদ্বন্দিতাক শত্ৰুতা হিচাপে গণ কৰাৰ এক পৰিৱেশ গা কৰি উঠিবলৈ লৈছে৷ ই ভৱিষ্যতলৈ ৰূপ লব পাৰে৷ ইয়াকে কলিতে নাইকীয়া কৰিবলৈ আৰক্ষী তথা প্ৰশাসনৰ ফালৰ পৰা যিবোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল, নগাঁও জিলা আৰক্ষীৰ ফালৰ পৰা তেনে ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ নোলোৱাটো চিন্তনীয়৷ সেয়েহে তাৰ আঁৰত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতা থকাটো সহজে অনুমেয়৷

এনে পটভূমিত বিষয়টোত নিৰ্বাচন আয়োগৰ হস্তক্ষেপৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি জাতীয় পৰিষদৰ স্মাৰকপত্ৰখনত, চামগুৰিৰ হিংসাত্মক ঘটনাসমূহৰ তৎকালে তদন্ত কৰা, বিপুল শইকীয়াৰ হত্যাৰ দোষী ব্যক্তিক গ্ৰেপ্তাৰ কৰি আইনৰ কাঠগৰাত থিয় কৰোৱা, চামগুৰিসহ উপনিৰ্বাচন অনুষ্ঠিত হৈ থকা সমষ্টিসমূহত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা আৰু দায়িত্ব পালনত বিলম্ব কৰা আৰক্ষী তথা প্ৰশাসনৰ বিষয়াসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ দাবী কৰা হয় ৷